ইণ্টাৰনেচনেল ৰোমিং পেক লাভ কৰা পোষ্টপেইড গ্ৰাহকৰ বাবে ভোডাফোন আইডিয়া(ভি)ই লটাৰী সুৰক্ষা সেৱা আৰম্ভ কৰিছে। আমেৰিকাস্থিত ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্বৰে ভি-ৰ ব্যৱহাৰকাৰীসকলে এতিয়া প্ৰতিটো বেগত ১৯,৮০০ টকা ক্ষতিপূৰণ দাবী কৰিব পাৰিব যদিহে যাত্ৰীৰ লাগেজ হেৰাই যায় বা অৱগত কৰাৰ ৯৬ ঘণ্টাৰ পিছতো লাভ নকৰে বা বিলম্ব হয়। এই সেৱা ৯৯ টকাৰ অতিৰিক্ত মাচুলৰ বিনিময়ত উপলব্ধ। মহামাৰীৰ পিছত শেহতীয়াভাৱে বিশ্বব্যাপী ভ্ৰমণ বৃদ্ধি হৈছে, ফুৰিবলৈ যোৱাৰ সময়ছোৱাত সামগ্ৰীৰ সুৰক্ষাক লৈও যথেষ্ট উদ্বেগৰ সৃষ্টি হয়। ২০২৪ এছআইটিএ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, বিশ্বজুৰি ৩৬ নিযুততকৈও অধিক বেগৰ ব্যৱস্থাপনাত আঁসোৱাহ ৰৈ গৈছিল অথবা সমস্যাৰ সন্মুখীন হৈছিল। ভি-ৰ নতুন পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতীয় ভ্ৰমণকাৰীসকলক ভুল বা হেৰুওৱা লাগেজৰ বাবে ক্ষতিপূৰণ নিশ্চিত কৰি সংযোগৰ বাহিৰতো গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰি যাত্ৰীক সকাহ প্ৰদান কৰা।
এই সেৱা সক্ৰিয় কৰিবলৈ ভি-ৰ পোষ্টপেইড ব্যৱহাৰকাৰীসকলে বিমানৰ পূৰ্বে ব্লু ৰিবন বেগত পঞ্জীয়ন কৰিব লাগিব আৰু লেণ্ডিঙৰ ২৪ ঘণ্টাৰ ভিতৰত যিকোনো বেগেজ পলম বা ক্ষতিৰ ৰিপৰ্ট(অৱগত) দিব লাগিব। যদিহে বিমান সংস্থাটোৱে ৪ দিনৰ ভিতৰত লাগেজ ঘূৰাই নিদিয়ে তেন্তে আন কোনো ধৰণৰ সোধা-পোছা অবিহনে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব। সামগ্ৰী সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত বিশ্বব্যাপী ব্যৱসায় আৰু শিক্ষাৰ এক বৰ্ধিত কেন্দ্ৰ গুৱাহাটীৰ পৰা সঘনাই আন্তঃৰাষ্ট্ৰীয় বা বিদেশলৈ ভ্ৰমণকাৰীসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে। উত্তৰ-পূবৰ পৰা বিদেশ ভ্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি হৈছে, ভি-ৰ পদক্ষেপে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰা যাত্ৰীসকলক অতিৰিক্ত দৃঢ়তা প্ৰদান কৰিব পাৰে।
ভি-ৰ ইণ্টাৰনেচনেল ৰোমিং পেকসমূহত ২৯খন দেশত সীমাহীন ডাটা আৰু ফোন কল, ১২২খনতকৈও অধিক দেশত ইনকামিং কলৰ সুবিধা আৰু ২৪/৭ হোৱাটছএপ সমৰ্থনো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ বাবে প্ৰতিনিয়ত উদ্ভাৱন অব্যাহত ৰাখিছে, নিজৰ ব্যৱহাৰকাৰীসকলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ আৰু ভ্ৰমণ সম্পৰ্কীয় অতিৰিক্ত সুবিধা নিশ্চিত কৰিছে।