ভাৰতৰ আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভি-য়ে সমগ্ৰ দেশৰ প্ৰিপেইড ব্যৱহাৰকাৰীসকলৰ বাবে এক বিঞ্জ যোগ্য (binge worthy) আৰু মনোৰঞ্জন-পূৰ্ণ অভিজ্ঞতা প্ৰদান কৰিবলৈ দুটা মনোৰঞ্জন লোডেড মাহিলী ৰিচাৰ্জ প্ৰৱৰ্তন কৰিছে। এই প্লেনবোৰ এমাহৰ বৈধতাৰ সৈতে উপলব্ধ, য’ত অন্তৰ্ভূক্ত হৈ আছে আনলিমিটেড কল, দৈনিক ১০০ এছএমএছ, অ’টিটি বেনিফিট আৰু দৈনিক ২জিবি ডাটা লাভৰ সুবিধা।
ভি-ৰ ৩৬৮ টকাৰ ৰিচাৰ্জ অফাৰে প্ৰিপেইড ব্যৱহাৰকাৰীক টিভি আৰু ম’বাইলত চাননেক্সটৰ চাবস্ক্ৰিপশ্বন প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে তামিল, মালায়ালম, তেলেগু, কানাড়া, মাৰাঠী আৰু বাংলাত আঞ্চলিক চলচ্চিত্ৰ, টিভি শ্ব’, মিউজিক ভিডিঅ’ উপভোগ কৰিব পাৰে। সদস্যতাটো ৩০ দিনৰ বৈধতাৰে দৈনিক ২জিবি ডাটা + আনলিমিটেড কল + দৈনিক ১০০ এছএমএছ-ৰ উপৰিও টেলকো আৰু নন-টেলকো লাভালাভ সংযুক্ত। ভি-ৰ ৩৬৯ টকাৰ ৰিচাৰ্জে SonyLIVৰ কনটেণ্ট আৰু লাইভ ক্ৰীড়া কাৰ্যৰ লাইব্ৰেৰীলৈ ৩০ দিনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, লগতে দৈনিক ২জিবি ডাটা, আনলিমিটেড কল আৰু দৈনিক ১০০ এছএমএছ প্ৰদান কৰে। ভি ব্যৱহাৰকাৰীসকলে SonyLIVৰ জনপ্ৰিয় অৰিজিনেলছ, চলচ্চিত্ৰ, শ্ব’, লাইভ ক্ৰীড়া, এক্সক্লুচিভ কনটেণ্টৰ লগতে আৰু বহু সুবিধা লাভ কৰিব পাৰিব।
SonyLIV-এ সকলো শ্ৰেণীৰ বয়স আৰু আগ্ৰহৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ ক্ৰীড়াৰ পৰা অৰিজিনেললৈ, ৰিজনেল কনটেণ্ট, আন্তৰ্জাতিক অনুষ্ঠান আৰু অস্কাৰ বিজয়ী চলচ্চিত্ৰলৈকে বিভিন্ন কনটেণ্ট প্ৰদান কৰে। ভি-ৰ নতুন ৩৬৮ টকা আৰু ৩৬৯ টকাৰ পৰ্টফলিঅ’ত আনলিমিটেড ডাটা, সপ্তাহান্তৰ ডাটা ৰোলঅভাৰ, নাইট টাইম আনলিমিটেড ডাটা, ভি এমটিভি এপ’ৰ ভিআইপি চাবস্ক্ৰিপশ্বন, ৪৫০+ লাইভ টিভি চেনেলৰ প্ৰৱেশাধিকাৰ, আৰু প্ৰিমিয়াম অ’টিটি প্লেটফৰ্ম প্ৰদান কৰা হৈছে।
