ভিআই গ্ৰাহকে এতিয়া ভিআই এপৰ জৰিয়তে বুকিং কৰিব পাৰিব বিমানৰ টিকট, হোটেল আৰু ছুটীৰ দিন

336

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে গ্ৰাহকসকলৰ বাবে অধিক মূল্য গঢ়ি তোলাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশৰূপে অন্যতম বৃহৎ অনলাইন ট্ৰেভেল টেক প্লেটফৰ্ম EaseMyTrip.comৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বত ইজমাইট্ৰিপে ভিআই গ্ৰাহকসকলক ভিআই এপত বিমান, হোটেল, ৰে’ল, বাছ আৰু কেব বুকিঙৰ একচেটিয়া লেনদেন আগবঢ়াব।   এই অংশীদাৰিত্বৰ জৰিয়তে ভিআইয়ে ব্যৱহাৰকাৰীসকলৰ বাবে অধিক সুবিধা আৰু সৰ্বশ্ৰেষ্ঠ অফাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই সুবিধাত প্ৰাৰম্ভিক অফাৰ হিচাপে সকলো বিমানৰ বুকিঙত কোনো কনভেনিয়েঞ্চ(সুবিধাজনক) মাচুল নাথাকিব। ইয়াৰ লগতে ব্যৱহাৰকাৰীসকলে অচিৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় হোটেল, ছুটীৰ দিন, বাছ, কাৰ্য-কলাপ আৰু কেব বুকিঙতো অফাৰ লাভ কৰাৰো সুযোগ থাকিব।

ভিআই এপত ট্ৰেভেল ছেকচন মুকলিৰ বিষয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰি ভিআই এপৰ চিএমঅ’ অৱনীশ খোছলাই কয় যে, “ভিআইত আমাৰ গ্ৰাহকৰ বাবে সৰ্বশ্ৰেষ্ঠ সুবিধা প্ৰদানৰ এয়া আমাৰ নিৰন্তৰ প্ৰচেষ্টা, এয়া লাগিলে টেলকোৰ ফ্ৰণ্টতেই হওক অথবা গ্ৰাহকসকলৰ সৈতে জড়িত যিকোনো শিতানত হওক। ভ্ৰমণ হৈছে উচ্চ চাহিদাৰ শ্ৰেণীবোৰৰ ভিতৰত অন্যতম আৰু সময়ৰ লগে লগে এই চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, সেয়া লাগিলে ঘৰুৱা অথবা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণেই হওক। ইজমাইট্ৰিপ বিভিন্ন ধৰণে এই পৰিঘটনা(ফেনমেনন)ৰ শীৰ্ষত আছে। এই অংশীদাৰিত্বক লৈ আমি অত্যন্ত উৎসাহী আৰু আশা কৰিছোঁ যে আমাৰ গ্ৰাহকসকলে নিজৰ ভ্ৰমণ বুকিং অধিক আনন্দদায়ক কৰি তুলিবলৈ এই অংশীদাৰীত্বে গ্ৰাহকসকলৰ বাবে কি আনিব তাক প্ৰশংসা কৰিব।”

এই এছচিয়েচন সন্দৰ্ভত উল্লেখ কৰি ইজমাইট্ৰিপৰ সহ-প্ৰতিষ্ঠাপক ৰিকান্ত পিটীয়ে কয় যে, “ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী হৈছে ভিআই আৰু ভিআইয়ে সদায়ে নতুন আৰু স্মাৰ্ট প্ৰযুক্তি আগবঢ়াই আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত আৰু বিশ্ব মানদণ্ডৰ প্ৰযুক্তি চালিত সেৱা প্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা গ্ৰাহকসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰি আহিছে। আমি ভিআইৰ সৈতে ডিজিটেল-ফাৰ্ষ্ট ব্ৰেণ্ড হোৱাৰ উমৈহতীয়া ভিত্তিক ভাগ বতৰা কৰোঁ আৰু আমাৰ গ্ৰাহকসকলক কেৱল সৰ্বশ্ৰেষ্ঠ সেৱা আগবঢ়োৱাত বিশ্বাস কৰোঁ। আমাৰ অনন্য সংস্থাই আমাৰ আৰু ভিআই গ্ৰাহকসকলক ব্যতিক্ৰমী সেৱা প্ৰদান কৰাত বহুদূৰ আগবাঢ়ি যাব যাতে ভিআই এপৰ জৰিয়তে ভ্ৰমণ বুকিং অধিক সহজ আৰু নিৰৱচ্ছিন্ন হৈ পৰে।”