আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৰুওৱা সামগ্ৰীৰ সেৱা প্ৰদানকাৰী ব্লু ৰিবন বেগছৰ সৈতে সহযোগিতা ভিআইৰ

565

কোভিডকালীন পৰিস্থিতিৰ অৱসানৰ পিছত ভাৰতীয়সকলে পচন্দৰ ঠাইসমূহ আৰু অৱসৰৰ সময়বোৰ বিদেশৰ মনোৰম স্থানত কটাবলৈ আৰম্ভ কৰিছে। পিছে এই ভ্ৰমণৰ সময়ত কেতিয়াবা সামগ্ৰী হেৰুওৱা(বেগেজ মিছহেণ্ডেল) বা অসাৱধনতাৰ বাবেও মূল্যবান সামগ্ৰী হেৰুৱাবলগীয়া হয়। চিটা(এছআইটিএ)ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২২ চনত ২৬ মিলিয়নতকৈও অধিক সামগ্ৰী বিলম্বিত, হেৰুওৱা অথবা ক্ষতিগ্ৰস্ত হৈছিল গ্ৰাহকৰ, যি বিমানবন্দৰ পৰিবহনৰ বাবে বৰ্ধিত উদ্বেগক উদঙাই দিছে। ভিআই হৈছে দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ, ভিআই-পোষ্টপেইড আন্তৰ্জাতিক ভ্ৰমণকাৰীৰ বাবে চিন্তা-মুক্ত আৰু বাধাহীন ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত হেৰুওৱা লাগেজ উদ্ধাৰৰ বাবে কনচিয়ৰ্জ সেৱা ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্ব কৰিছে, যিয়ে সামগ্ৰিক ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধিত কাৰ্যকৰী বেগ ব্যৱস্থাপনাৰ গুৰুত্বৰ ওপৰত সমৰ্পিত হৈ বিশেষভাৱে আলোকপাত কৰিছে।

২০২৪ চনৰ ৭ এপ্ৰিলৰ পূৰ্বে ভ্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক প্ৰি-বুক কৰিব পাৰে আৰু অভিযোগ দাখিল কৰাৰ ৯৬ ঘণ্টা পৰ্যন্ত বিলম্বিত হ’লে অথবা হেৰুওৱা সামগ্ৰীৰ বাবে প্ৰতিটো টোপোলাত ১৯,৮০০ৰ ক্ষতিপূৰণ প্ৰাপ্ত কৰিব পাৰে। এই একচেটিয়া অফাৰ নিৰ্বাচিত আনলিমিটেড সীমাহীন আন্তঃৰাষ্ট্ৰীয় ৰোমিং প্লেনত সীমিত সময়ৰ বাবে বৈধ, যেনে ১০ দিন @৩৯৯৯, ১৪ দিন @৪৯৯৯ আৰু ৩০ দিন @৫৯৯৯ টকাত। ২৬ ফেব্ৰুৱাৰী, ২০২৪ৰ পৰা আৰম্ভ হোৱা এই অফাৰৰ সুযোগ ২১ মাৰ্চ, ২০২৪লৈকে লাভ কৰিব।

আধুনিক ভ্ৰমণকাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ, পৰ্যটকা বা ভ্ৰমণকাৰীৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সময়ত মানসিক শান্তি আৰু নিশ্চয়তা প্ৰদান কৰাই হৈছে এই অংশীদাৰিত্বৰ অন্যতম দিশ আৰু এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই উদ্ভাৱনে আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সময়ত মানসিক প্ৰশান্তি নিশ্চিত কৰি গ্ৰাহকসকলক অতুলনীয় মূল্য আৰু সুবিধা প্ৰদানৰ বাবে ভিআইৰ সমৰ্পণ-প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে।