দেশজুৰি গ্ৰাহকৰ অভিজ্ঞতাক ন ৰূপ দিবলৈ ভি বিজনেছৰ জেনেচিছৰ সৈতে অংশীদাৰিত্ব

6

ভোডাফোন-আইডিয়াৰ এণ্টাৰপ্ৰাইজ বিভাগ ভি বিজনেছে সমগ্ৰ ভাৰততে এক সেৱা (চিচিএএএছ) সমাধান হিচাপে নেক্সট জেনেৰেচন যোগাযোগ কেন্দ্ৰ মুকলি কৰিবলৈ ক্লাউড-আধাৰিত এআই অভিজ্ঞতা প্ৰদান কৰা(অৰ্কেষ্ট্ৰেচন) ক্ষেত্ৰখনৰ বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান জেনেচিছৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে ভাৰতীয় ব্যৱসায়সমূহক উন্নত ক্লাউড আৰু টেলিকম সমাধান প্ৰদান কৰি গ্ৰাহকৰ সংখ্যা-ব্যৱসায় বৃদ্ধি কৰা।

ডিজিটেল ৰূপান্তৰে গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপক ন ৰূপ প্ৰদান কৰাৰ লগে লগে এই অংশীদাৰিত্বই ভিৰ চিচিএএএছ খণ্ডত প্ৰৱেশৰ সবল খোজ প্ৰদান কৰিলে, যাৰ ফলত সংস্থাসমূহে পৰম্পৰাগত ছেটআপসমূহৰ সৈতে জড়িত অধিক মূলধনী ব্যয় অবিহনে কাৰ্য-কলাপসমূহ আগুৱাই নিব পাৰে। ভোডাফোন আইডিয়াৰ মুখ্য এণ্টাৰপ্ৰাইজ ব্যৱসায়িক বিষয়া অৰবিন্দ নেভাতিয়াই এই বিষয়ে মন্তব্য কৰি কয় যে, “জেনেচিছৰ সৈতে এই যুগান্তকাৰী সহযোগিতা কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। আমি একেলগে ডিজিটেল ৰূপান্তৰৰ ভৱিষ্যতক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছোঁ, যাতে উদ্যোগসমূহক এআই আৰু ক্লাউড প্ৰযুক্তি অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব পৰা যায়।”

এই অংশীদাৰিত্বই স্থানীয় উদ্যোগসমূহক ৰূপান্তৰযোগ্য আৰু নমনীয় গ্ৰাহক অভিজ্ঞতাৰ ৰণকৌশল আগবঢ়াবলৈ সক্ষম কৰি যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।