আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাই আমাৰ নতুন তেল চুক্তিৰ পৰা লাভ কৰা ধনৰ ব্যৱহাৰ কেৱল আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব পাৰিব। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে লিখিছে-মই তথ্য পাইছো যে ভেনিজুৱেলাই আমাৰ নতুন তেল চুক্তিৰ পৰা পোৱা ধনৰে কেৱল আমেৰিকাত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব লাগিব।
এই ক্ৰয়সমূহৰ ভিতৰত আমেৰিকাৰ কৃষি সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি, আৰু ভেনিজুৱেলাৰ শক্তি গ্ৰীড আৰু শক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে যন্ত্ৰপাতি আদি অন্তৰ্ভুক্ত কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভেনিজুৱেলা এতিয়া আমেৰিকাক নিজৰ প্ৰাথমিক বাণিজ্যিক অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এইটো এটা বুদ্ধিমান সিদ্ধান্ত আৰু ভেনিজুৱেলা আৰু আমেৰিকা উভয়ৰে জনসাধাৰণৰ বাবে এক অতি ভাল কথা।
ইয়াৰ পূৰ্বে শনিবাৰে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক ৰাজধানী কাৰাকাছৰ পৰা বন্দী কৰে। ইয়াৰ পিছতে ডেলচি ৰড্ৰিগেজক ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ দেশৰ উপ-ৰাষ্ট্ৰপতি আছিল।
