আপোনাৰ শৰীৰৰ বাবে বিট কিমান উপকাৰী?বিটত থকা পুষ্টিকৰ উপাদান কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয় ই আপোনাৰ ছালৰ পৰা চুলিলৈকে উপকাৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে তাৰ বিষয়ে জানি লওক আপুনি।

বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে ৷ সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোনবিধ পাচলিৰ কি কি উপকাৰী গুণ আছে ৷হয় ছীটকালৰ বজাৰত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি থাকে।

আজি কব বিচাৰিছো বিটৰ কথা।বিট পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে ৷বিশেষজ্ঞৰ মতে বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ হৈ ৰাখিব ৷যদি আপোনাৰ শৰীৰত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হৈছে তেন্তে বিটৰ ৰস সেৱন কৰিব পাৰে ৷

ই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ অধিক উপকাৰী ৷মধুমেহ ৰোগৰ সমস্যাৰ বাবেও বিটৰ ৰস খাব পাৰি ।

বিটত থকা বিটাইনে যকৃতৰ লগত জড়িত ৰোগ প্ৰতিৰোধ কৰে।