ক্ৰিকেট তাৰকা সৌৰভ গাংগুলীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ কৰিলে ভিডলে

105

টাইড ৱাটাৰ অইল কোম্পানী (ইণ্ডিয়া) লিমিটেডৰ ভাৰতৰ অন্যতম আগশাৰীৰ লুব্ৰিকেণ্ট ব্ৰেণ্ড ভিডলে ক্ৰিকেট কিংবদন্তি সৌৰভ গাংগুলীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ কৰিছে। এই চুক্তি স্বাক্ষৰে ভিডলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত দিয়ে কাৰণ ই সমগ্ৰ ভাৰততে নিজৰ ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধিৰ লগতে বজাৰৰ স্থান সুদৃঢ় কৰিব বিচাৰিছে। বিশ্বৰ ৭০খনতকৈও অধিক দেশত বজাৰ বিয়পি থকা ব্ৰেণ্ড ভিডলৰ এক সমৃদ্ধ, প্ৰায় শতিকা পুৰণি উত্তৰাধিকাৰ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘পেছাদাৰীৰ পছন্দ’ হিচাপে স্বীকৃত হোৱা ভিডলে বিশ্বজুৰি ৱৰ্কশ্বপৰ ভ্ৰাতৃত্ববোধৰ মাজত যথেষ্ট গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। উদ্যোগটোত এক সন্মানীয় আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে ভিডলে অটোমোটিভ আফটাৰমাৰ্কেট (খুচুৰা) আৰু প্ৰতিষ্ঠানিক (বি টু বি) দুয়োটা খণ্ডৰ বাবে এক বিস্তৃত পৰিসৰৰ লুব্ৰিকেণ্ট প্ৰদান কৰে। সমগ্ৰ ভাৰতত নিজৰ উপস্থিতিৰে ভাৰতৰ অন্যতম আগশাৰীৰ লুব্ৰিকেণ্ট ব্ৰেণ্ড ভিডলৰ ২০২৪ চনৰ ৩১ মাৰ্চলৈকে নিজৰ সেৱা-কাৰ্যৰ পৰা একত্ৰিত ৰাজহৰ পৰিমাণ হৈছেগৈ ১৯৩১ কোটি টকা।

ভিডল হৈছে এটা বিশ্বাসযোগ্য ব্ৰেণ্ড, যিয়ে নিজৰ চেনেল অংশীদাৰ নেটৱৰ্কৰ জৰিয়তে দূৰ দূৰণিলৈকে ডেলিভাৰী কৰা উৎকৃষ্ট মানৰ সামগ্ৰীৰ ভাণ্ডাৰক সামৰি লৈছে, যিসকলৰ বহুতেই কোম্পানীটোৰ সৈতে একেৰাহে দুটা প্ৰজন্ম ধৰি জড়িত হৈ আছে। সততা, স্বচ্ছতা আৰু চিৰস্থায়ী সম্পৰ্কই হৈছে ভিডল পদ্ধতিৰ সংজ্ঞায়িত বৈশিষ্ট্য, যি নিজৰ বিজ্ঞাপনৰ টেগলাইন ‘ৰাখে ছাফ, দিল ছে’ত সন্নিৱিষ্ট হৈছে। সৌৰভ গাংগুলীৰ সৈতে চুক্তি স্বাক্ষৰৰ পিছতে নিজৰ উৎসাহ প্ৰকাশ কৰি টাইড ৱাটাৰ অইল কোম্পানী (ইণ্ডিয়া) লিমিটেডৰ পৰিচালন সঞ্চালক অৰিজিত বসুৱে কয় যে, “সৌৰভ গাংগুলীৰ দৰে মহান ক্ৰিকেটাৰে আমাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে যোগদান কৰাত আমি  যথেষ্ট আনন্দিত হৈছোঁ। গাংগুলীৰ নেতৃত্ব, দৃঢ়তা আৰু সংকল্প হৈছে কিংবদন্তি খেলুৱৈজনৰ সোপান, যিয়ে টীম ইণ্ডিয়াৰ বিজয়ী মনোভাৱ কঢ়িয়াই আনে, যাৰ বিষয়ে আমি সকলোৱে জানো।। সততা আৰু আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত ব্ৰেণ্ড সৌৰভে সকলোকে প্ৰদৰ্শন আৰু কৃতিত্বৰ মাত্ৰাক উন্নীত কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে, যিবোৰ মূল্যবোধে ভিডলৰ সৈতে প্ৰবলভাৱে অনুৰণন ঘটায়। আমি নিশ্চিত যে, ভিডলৰ সৈতে গাংগুলীৰ সংযোগে আমাক ভৱিষ্যতলৈ আগবাঢ়ি যোৱাৰ সময়ত এক শক্তিশালী গতি প্ৰদান কৰিব।’

ভিডলৰ সৈতে চুক্তি স্বাক্ষৰৰ পিছতে ক্ৰিকেট তাৰকা সৌৰভ গাংগুলীয়ে কয় যে, “ভিডলৰ সৈতে মোৰ সংযোগে উৎকৃষ্টতা, উদ্ভাৱন আৰু নিৰ্ভৰযোগ্যতাৰ প্ৰতি দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। যিদৰে ভিডলে অটোমোটিভ উদ্যোগত উচ্চ মানদণ্ড আৰু প্ৰদৰ্শনৰ বাবে সদায়ে কাম কৰি আহিছে, ঠিক তেনেদৰে মই এই মূল্যবোধসমূহক প্ৰতিটো দিশতে মূৰ্ত কৰি তুলিবলৈ প্ৰতি মুহূৰ্ততে উৎসৰ্গিত। ভৱিষ্যতে আমি একেলগে আমাৰ দৰ্শকক অনুপ্ৰাণিত আৰু সংযোগ স্থাপন কৰিবলৈ প্ৰয়াস কৰিম আৰু ভিডলে আগবঢ়োৱা শ্ৰেষ্ঠখিনি সকলোৰে মাজত প্ৰদৰ্শন কৰিম।”