সমগ্ৰ ভাৰততে ৩০+ অফলাইন কেন্দ্ৰৰ জৰিয়তে নিজৰ শৈক্ষিক প্ৰসাৰতা বৃদ্ধি বেদান্তুৰ

776

অগ্ৰণী অনলাইন এডটেক প্লেটফৰ্ম বেদান্তুৱে সমগ্ৰ ভাৰতৰ একাধিক চহৰত বিস্তৃত জেইই, নীট আৰু ফাউণ্ডেচন পাঠ্যক্ৰমৰ বাবে ৩০+ অফলাইন কেন্দ্ৰ খোলাৰ পৰিকল্পনাৰে নিজৰ সেৱাসমূহৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। অনলাইন আৰু অফলাইন দুয়োটা পাঠ্যক্ৰম প্ৰদান কৰি এই পদক্ষেপে গুণগত শিক্ষাৰ সুবিধা বৃদ্ধি কৰিব বিচাৰে, একে সময়তে জেইই/নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ আগশাৰীৰ শিক্ষাগুৰুৰ পৰা সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰে।

বেদান্তুৱে প্ৰতিষ্ঠাপকৰ ১৮ বছৰীয়া সমৃদ্ধ শৈক্ষিক অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থীৰ যত্নৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ কৰি আটাইতকৈ ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা এক পৰিৱেশ তন্ত্ৰলৈ বিকশিত হৈছে। বেদন্তুৰ ট্ৰাইড এণ্ড টেষ্টেড শিক্ষণ প্ৰণালীয়ে নিশ্চিত কৰে যে প্ৰতিজন শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে প্ৰতিটো শিশুক নিজৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰাপ্ত কৰিবলৈ সমানে সমৰ্থন-সুযোগ প্ৰদান কৰিব পৰা যায়।

বেদান্তুৱে শেহতীয়াকৈ অফলাইন কোচিঙৰ ক্ষেত্ৰখনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। বেদান্তুৰ সকলো অফলাইন কেন্দ্ৰতে হাই-টেক শ্ৰেণীকোঠাৰ সুবিধা থাকিব যাতে ই এক ইণ্টাৰেক্টিভ(আন্তঃক্ৰিয়ামূলক) শিক্ষণ পৰিৱেশ প্ৰদান কৰিব পাৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰে। ইয়াৰ ছাত্ৰ-বন্ধুত্বপূৰ্ণ(ষ্টুডেণ্ট-ফ্ৰেণ্ডলী) পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক ২৪x৭ মুক্তভাৱে অন্বেষণ, প্ৰশ্ন সোধাৰ আৰু শিকাৰ সুবিধা আৰু অনুমতি প্ৰদান কৰে। ই হৈছে এটা বিস্তৃত শিক্ষণ সঁজুলি(টুলকিট), যাৰ সৈতে এটা ডাউট এপ আছে য’ত সন্দেহসমূহ লাইভ ৱান-টু-ৱান ছেচনত সমাধান কৰা হয় আৰু এটা শিক্ষাবিজ্ঞান সম্বন্ধীয় এপ, যিয়ে গ্ৰন্থৰ বিশাল ভঁৰাল, অনুশীলনৰ প্ৰশ্নৰ আধিক্য, কাষ্টমাইজড ফ্লেছকাৰ্ড আৰু অভিযোজিত অনুশীলনৰ সুবিধা প্ৰদান কৰে যাতে ব্যক্তিগতকৃত অগ্ৰগতি সুনিশ্চিত হয়।প্ৰযুক্তি-সক্ষম ক্লাছ আৰু বেদান্তুৰ টেক ইনফ্ৰাই ক্লাছত অংশগ্ৰহণ, পৰীক্ষা আৰু এচাইনমেণ্টলৈকে নতুন নতুন ছাত্ৰ-ছাত্ৰীৰ কাৰ্য-কলাপৰ সকলো দিশ অনুসৰণ কৰে আৰু বেদান্তুৰ অভিভাৱকসকলক সন্তানৰ অগ্ৰগতিৰ বিষয়ে ভালদৰে অৱগত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ আৰু শৈক্ষিক যাত্ৰাত সহযোগিতা কৰিবলৈ সক্ষম কৰি তোলে। ইয়াৰ উপৰিও বেদান্তুৱে শিক্ষাৰ্থীসকলক সহযোগিতা, শিক্ষণ আৰু পথ প্ৰদৰ্শন লাভ কৰাৰ এক প্লেটফৰ্মো প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ পথ প্ৰশস্ত হয়।