বেদান্ত ফাউণ্ডেশ্বনৰ ১০০ টা নতুন দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ

183

বেদান্ত গ্ৰোপৰ জনহিতকৰ শাখা বেদান্ত ফাউণ্ডেশ্বনে ১৫ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ দেশত ১০০ টা নতুন জীৱিকা সংযোজিত দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুনকৈ স্থাপিত কেন্দ্ৰসমূহ, যাক ৰোজগৰ কেন্দ্ৰ বুলিও জনা যায়, সমগ্ৰ ভাৰতত কাৰ্যকৰী হৈ থকা ইয়াৰ বৰ্তমানৰ ১৭০ টা কেন্দ্ৰৰ উপৰিও হ’ব। এই মাহত এনে ধৰণৰ ৩৭ টা কেন্দ্ৰ খোলা হৈছিল।ফাউণ্ডেশ্বনে ৰামকৃষ্ণ মিছন, চৰকাৰী সংস্থা আৰু বেচৰকাৰী সংগঠনৰ দৰে সামাজিক প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ কাষ চাপিবলৈ সহযোগিতা কৰে।

ফাউণ্ডেশ্বনে প্ৰতিটো ৰোজগাৰ কেন্দ্ৰত সাম্ভাব্য নিযুক্তিৰ সুযোগৰ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ উদ্যোগটোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। ৰোজগৰ কেন্দ্ৰৰ পৰা প্ৰাৰ্থী নিয়োগ কৰা কিছুমান কোম্পানীৰ ভিতৰত আছে ভাৰতীয় ষ্টেট বেংক, এক্সিছ বেংক, পেটিএম, ৰিলায়েন্স, গ’দ্ৰেজ, ফ্লিপকাৰ্ট, আমাজন, জেনপেক্ট, এলআইচি, অন্যান্য।বেদান্ত ফাউণ্ডেশ্বনৰ ট্ৰাষ্টী সুমন দিদৱানিয়াই কয়, “লাখ লাখ যুৱকে চাকৰি হেৰুৱাইছিল। মহানগৰসমূহত কাম কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ অৱস্থা বিশেষভাৱে হতাশাজনক আছিল। তেতিয়াই আমি আমাৰ পাইলট প্ৰকল্প বেদন্ত ৰোজগাৰৰ ভেটি স্থাপন কৰিছিলো।