যদি আপুনিও কাছৰ আঙঠি পিন্ধে, তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে কাছৰ আঙঠি পিন্ধাৰ নিয়মৰ বিষয়ে জানক।প্ৰথমতে জানো আহঁক কাছ আঙঠিনো হয় কি? আচলতে এই যে কাছৰ আঙঠিটো এইটো এটা ধাতুৰে তৈয়াৰী। যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে।এই আঙঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ’ব পাৰে।যেনে- সোণ,তাম, ৰূপ আদি। ইয়াৰ উপৰিও আজি কালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মান কৰা কাছৰ আঙঠিও বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙঠিটো ফেচনতো পিন্ধে। কিন্তু এনেকুৱা কৰাতো ভাল কথা নহয়।কাছৰ আঙঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল’ব লাগে জানো আহক।জ্যোতিষ আৰু বাস্তু শাস্ত্ৰতো কাছৰ আঙঠি পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয় যদিও কাছৰ আঙঠি পিন্ধাৰ কিছুমান নিয়ম আছে। কাছৰ আঙঠি পিন্ধি থকাৰ সময়ত ইয়াৰ মুখখন ভিতৰলৈ ৰাখিব লাগে। কোনোবাই যদি কাছৰ মুখখন বাহিৰলৈ মুখ কৰি আঙুলিত আঙঠি পিন্ধে তেন্তে তেওঁৰ আৰ্থিক ক্ষতি হ’ব পাৰে। কাছৰ আঙঠি দৈনিক চাফা কৰিব লাগে। শৌচাগাৰলৈ যোৱাৰ আগতে কাছৰ আঙঠিটো খুলি থ’ব লাগে। এই আঙঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণৰ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে তেওঁলোকৰ জীৱনত যদি কিবা দোষ থাকে এই আঙঠিটোৱে নাইকীয়া কৰে। ইয়াৰ ফলত পইচায়ে স্থিতি লয়। আৰ্থিক অৱস্থা ভাল হয়।
