মইনাখোৰোং মজলীয়া বিদ্যালয়ত টিকাকৰণ শিবিৰ আৰম্ভ

106

ক’ভিড -১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি চলি থকা অৰ্ধ লকডাউনৰ মাজতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ১৮ বছৰ উৰ্ধৰ সকলোৱে যাতে ক’ভিড প্ৰতিষেধক টিকা গ্ৰহণ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সমান্তৰালভাৱে চৰকাৰে স্বেচ্ছাসেৱী বা অনা চৰকাৰী সংগঠন সমূহেও যাতে ক”ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত সহায়ৰ হাত আগবঢ়াই তাৰ বাবে আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি দি গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোং মজলীয়া বিদ্যালয়ত আজিৰে পৰা মইনাখোৰোং আদৰ্শ চিকিৎসালয়ৰ উদ্যোগত আৰু অঞ্চলটোৰ সামাজিক , সাংস্কৃতিক , ক্ৰীড়া অনুষ্ঠান ইয়ং গ্ৰীণ ক্লাৱৰ সহযোগত আৰম্ভ হৈছে ক’ভিডৰ বিশেষ টিকাকৰণ শিবিৰ ।

প্ৰথম দিনতোতে আজি ১৮ বছৰ উৰ্ধৰ ১৫০ জন লোকক প্ৰথম পালি টিকা দিয়া হয় । মইনাখোৰোং আদর্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ অধীক্ষক ডাঃ অনুৰাধা বৰঠাকুৰৰ নেতৃত্বত চিকিৎসক , স্বাস্থ্যকর্মী , এ এন এম নাৰ্ছৰ দলে উপস্থিত লোকসকলক টিকা প্ৰদান কৰে । আনহাতে ক্লাৱৰ উপদেষ্টা উৎপল কুমাৰ দাস , সভাপতি বিষ্ণুপ্ৰসাদ বড়ো আৰু সম্পাদক ধীৰাজ টুমুঙৰ নেতৃত্বত এটা দলে শিবিৰত টিকাকৰণৰ সময়ত স্বাস্থ্যকর্মীৰ দলটোক সহযোগিতা আগবঢ়ায় । ইতিমধ্যে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱাই পূৰ্বতে মইনাখোৰোং আদৰ্শ চিকিৎসালয়লৈ আহি টিকাকৰণ কৰা সন্দৰ্ভত বিশদ আলোচনা কৰি দিহা পৰামৰ্শ দিছিল ।