ভেকচিন দিয়াৰ ক্ষেত্ৰত ভাৰত শীৰ্ষস্থান লাভ কৰিছে

76

বিগত ২৪ ঘণ্টাত ভাৰতে মুঠ ১৭,২১,২৬৮ গৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰি, কোভিড-১৯ ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্ত ৰাষ্ট্ৰক অতিক্ৰম কৰিলে ভাৰতে। ইয়াৰ লগে লগে ভাৰতে সৰ্বমুঠ ৩২,৩৬,৬৩,২৯৭ ভেকচিন প্ৰদান কৰাৰ সংখ্যা স্পৰ্শ কৰিলে।
ভাৰতে চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোৰোনাৰ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছিল। আনহাতে আমেৰিকাই বিগত বৰ্ষৰ ১৪ ডিচেম্বৰৰ পৰাই কোৰোনাৰ ভেচকিন প্ৰদান কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। আমেৰিকা যুক্ত ৰাষ্ট্ৰত বৰ্তমানলৈকে ৩২,৩৩,২৭,৩২৮ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে।
উল্লেখ্য যে সৰ্ব প্ৰথমে কোৰোনা ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লৈছিল বৃটেইনে ৮ ডিচেম্বৰত। তেতিয়াৰে পৰা বৰ্তমানলৈকে দেশখনত ৭,৬৭,৭৪,৯৯০ গৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে। ইটালী, জাৰ্মানী আৰু ফ্ৰান্সে ভেকচিন প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিছিল ২৭ ডিচেম্বৰত।ইটালীয়ে বৰ্তমানলৈকে ৪,৯৬,৫০,৭২১ জন ব্যক্তিক, জাৰ্মানীয়ে বৰ্তমনালৈকে ৭,১৪,৩৭,৫১৪ জন ব্যক্তিক আৰু ফ্ৰান্সে বৰ্তমানলৈকে ৫,২৪,৫৭,২৮৮ গৰাকী ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰিছে।