গড়লস্হিত আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হেপাটাইছিচ বি টিকাকৰণ শিবিৰ অনুস্থিত হয়। পুৱা শিবিৰটো উদ্বোধন কৰে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ ধীৰেণ দাসে।
শিবিৰত চিকিৎসালয়ৰ অৰ্ধ শতাধিক কৰ্মচাৰীক টিকা দিয়া হয়। অহা সোমবাৰে পুনৰ শিবিৰ অনুস্থিত হব। আনহাতে আজি টিকা লোৱা সকলে পুনৰ এমাহ পিছত দ্বিতীয় পালি টিকা লব লাগিব।
