যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।দ্বিতীয় দিনাও যোগীঘোপাত পূৰ্ণগতিত চলিছে উচ্ছেদ অভিযান । যোগীঘোপা বন্দৰ ভুমি বেদখল কৰা শতাধিক পৰিয়ালৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ।ভাঙি পেলোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দিছে বেদখলকাৰীয়ে। পিছে থমকি ৰোৱা নাই প্ৰশাসন।
