উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ । দেওবাৰে পুৱা ৮ বজাৰ পৰা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নন’কে জাপৰিগুৰিত থকা ১৭৫ বিঘা চৰকাৰী ভি জি আৰ ভূমিত চলিল উচ্ছেদ অভিযান ।এই ভূমিত বাস কৰি থকা ৩০৭ টা পৰিয়ালক উচ্ছেদ কৰা হ’ব । পুৱাই ২০ খন এক্সকেভেট, ১০ খন টেক্টৰ লৈ উক্ত স্থানত উপস্থিত হয় প্ৰশাসনৰ লোক ।
