ট্ৰাম্পৰ সকীয়নি যেন সঁচা হ’ল

7

ট্ৰাম্পৰ সকীয়নি সঁচা হ’ল । হুথিৰ বিৰুদ্ধে আমেৰিকাৰ বিমান আক্ৰমণত ৩১ জন লোকৰ মৃত্যু ।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হুথি বিদ্ৰোহীসকলক জাহাজৰ ওপৰত আক্ৰমণ বন্ধ নকৰিলে শক্তি প্ৰয়োগৰ সকীয়নি দিছিল । তাৰ মাজতে শনিবাৰে য়েমেনৰ হুথি অধিকৃত অঞ্চলত আমেৰিকাই বিমান আক্ৰমণ কৰে ।আমেৰিকাৰ এই বিমান আক্ৰমণত প্ৰায় ৩১ জন লোক নিহত হয় ।লগতে ট্ৰাম্পে ইৰাণক বিদ্ৰোহী গোটটোক সমৰ্থন কৰা বন্ধ কৰিবলৈও সতৰ্ক কৰি দিয়ে । দেশখনক নিষিদ্ধ কাৰ্যকলাপৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ কৰিছে ট্ৰাম্পে ।