‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ অভিযানক আধাৰ হিচাপে লৈ আপষ্টক্সে আগবঢ়াইছে অভিনৱ সুবিধা, অত্যাধুনিক বিনিয়োগ সমাধানেৰে শক্তিশালী কৰি তুলিছে গ্ৰাহকক

359

দেশৰ অন্যতম আগশাৰীৰ বিনিয়োগ প্লেটফৰ্ম আপষ্টক্সে (আৰকেএছভি ছিকিউৰিটিজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড বুলিও জনা যায়) নিজৰ এপত বহুতো নৱীকৃত বৈশিষ্ট্য আগবঢ়াইছে, যিয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে বিনিয়োগক অতি সৰল কৰি তুলিব। গ্ৰাহকক নিষ্ক্ৰিয় বিনিয়োগৰ শক্তি আৰু সূচকাংক পুঁজি(ইণ্ডেক্স ফাণ্ড)ত এছআইপিৰ জৰিয়তে এক শৃংখলাবদ্ধ বিনিয়োগ পদ্ধতিৰ দিশত নিজৰ যাত্ৰা কেনেদৰে আৰম্ভ কৰিব লাগে সেই বিষয়ে সজাগতাৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। কোম্পানীটোৱে ব্যৱহাৰকাৰীক এক সামগ্ৰিক বিনিয়োগৰ দৃশ্যপট প্ৰদান কৰিবলৈ নিজৰ এপত ষ্টক এছআইপি, ৱেলথ ট্ৰেকাৰ, গোল্ড আৰু ফিক্সড ইনকামৰ দৰে সুবিধাসমূহো মুকলি কৰিছে।

নতুন বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা সাধাৰণ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই আপষ্টক্সে ১০,০০০ৰো অধিক মিউচুৱেল ফাণ্ড স্কিমৰ বিশ্লেষণ কৰিছে, যাতে গ্ৰাহকক ৰিস্ক আৰু ৰিটাৰ্ণ মেট্ৰিক্সৰ ওপৰত ভিত্তি কৰি ‘টপ ফাণ্ড’ৰ এখন বিশেষভাৱে প্ৰস্তুত কৰা তালিকা উপস্থাপন কৰিছে। ৰিভেম্পড মিউচুৱেল ফাণ্ড শাখাত অন্তৰ্ভুক্ত কৰা হৈছে “ট্ৰুথ অৱ ইনভেষ্টমেণ্ট”ক, যি হৈছে এটা সম্পদ যিয়ে জটিল ধাৰণাসমূহ, যেনে কম্পাউণ্ডিঙৰ সম্ভাৱনা, সহজ বুজিব পৰা আৰু সৰল ৰূপত কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আপষ্টক্সৰ সঞ্চালক অমিত লালানে দেশজুৰি বিত্তীয় বিনিয়োগৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাক ইতিবাচকভাৱে গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ১৩ মিলিয়নৰো অধিক ব্যৱহাৰকাৰী থকা আপষ্টক্সৰ লক্ষ্য হৈছে  বিশেষভাৱে অসমত ইকুইটিৰ অংশগ্ৰহণ বৃদ্ধি কৰা, য’ত যথেষ্ট বৃদ্ধিৰ অভিজ্ঞতা লাভ আৰু সম্ভাৱনা প্ৰত্যক্ষ কৰিছে।

ইয়াৰ লগতে প্ৰতিষ্ঠানটোৱে গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীৰে নিজৰ ব্যৱহাৰকাৰীক এক “সৰলীকৃত ষ্টক বিশ্লেষণ পৃষ্ঠা বা চিমপ্লিফাইড ষ্টক এনালাইচিছ পেজ” আৰু শৈক্ষিক প্ৰয়াস “আপলাৰ্ন” আগবঢ়ায়। ২০২৩ চনৰ বিশ্বকাপৰ অফিচিয়েল স্পনচৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে ‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ অভিযানৰ লগতে আপষ্টক্সে ব্যৱহাৰকাৰীক বিশ্বকাপৰ সময়ছোৱাত নিজৰ বিনিয়োগ যাত্ৰা আৰম্ভৰ বাবে উদগণি দিবলৈ “খাতা খোলা ক্যা?” নামৰ এক সামাজিক মাধ্যম কেম্পেইন আৰম্ভ কৰিছিল। আৰু এখোজ আগুৱাই আপষ্টক্সৰ লক্ষ্য হৈছে মানুহক বিনিয়োগৰ বাবে এক সামগ্ৰিক ৩৬০ ডিগ্ৰী পদ্ধতি প্ৰদান কৰা, যাতে ব্যৱহাৰকাৰীসকলে এক সহজ, নিৰ্ভৰযোগ্য আৰু স্বচ্ছ প্লেটফৰ্মৰ জৰিয়তে শিক্ষণ আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, লগতে বিনিয়োগ আৰু ব্যৱসায় কৰিব পাৰে।