UNSCত ভাৰতৰ প্ৰশ্ন- যদি ISIS-ক নিঃশেষ কৰিব পাৰি, তেন্তে ডি কোম্পানীক কিয় নোৱাৰি?

83

ডিজিটেল ডেস্ক:- সংযুক্ত ৰাষ্ট্ৰ সংঘ (UNSC)ত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু অপৰাধৰ বিষয় উত্থাপন কৰি পাকিস্তানত পৰোক্ষভাৱে আক্ৰমণ কৰে। ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ডাউড ইব্ৰাহিমক পাকিস্তানে ঠাই দি সন্ত্ৰাসবাদ বিয়পোৱাত সহায় কৰি আহিছে বুলি অভিযোগ কৰে ভাৰতে। লগতে এই প্ৰশ্নও ভাৰতে উত্থাপন কৰে যে যদি সযুক্ত যুক্তৰাষ্ট্ৰই আইএছআইএছৰ দৰে সন্ত্ৰসবাদী সংগঠন নিঃশেষ কৰিব পাৰে, তেন্তে ডাউড ইব্ৰাহিম আৰু ডি কোম্পানীক কিয় নোৱাৰে?

ভাৰতৰ তৰফৰ পৰা কোৱা হয় যে ভাৰতে সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্মূখীন হব লগা হৈ আহিছে। পাকিস্তানক পৰোক্ষ আক্ৰমণ কৰি ভাৰতে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনে এনে সন্ত্ৰাসবাদী কাৰ্যকলাপত সহযোগ কৰি আহিছে। পূৰ্বে নকল হীৰা আৰু নকল টকাৰ সৰবৰাহ কৰা ডি কোম্পানী পিছত চুবুৰীয়া ৰাষ্ট্ৰখনৰে সমৰ্থনত সন্ত্ৰাসবাদী সংগঠনৰ ৰূপ লয় আৰু ১৯৯৩ চনত মুম্বাইত বোমা বিস্ফোৰণ ঘটাই ২ শতাধিক নিৰীহৰ প্ৰাণ লয়।

এনে এটা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে সংযুক্ত ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহন কৰা উচিত বুলি মত পোষণ কৰে ভাৰতে।