ৰাজ্যৰ চিকিৎসা খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰি দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কেইবাখনো অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে গোলাঘাট আৰু তিনিচুকীয়াৰ কেন্সাৰ কেয়াৰ চেণ্টাৰ দুটা জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে।
উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। তেওঁ কয়, “স্বাস্থ্য খণ্ডত অসমক স্বাৱলম্বী কৰি তোলাৰ দিশত হিমন্ত বিশ্ব শৰ্মাই লোৱা প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই তেওঁ অসমক এই ক্ষেত্ৰত এক পূৰ্ণাংগ ৰাজ্য হিচাপে গঢ়ি তুলিছে।”
মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ প্ৰসংগ উল্লেখ কৰি অমিত শ্বাহে পুনৰ কয়, “মুখ্যমন্ত্ৰীয়ে মোক জনাইছে যে তেওঁ অসমক এনেদৰে গঢ়িব বিচাৰে যাতে ৰাজ্যখনৰ এজনো ৰোগীয়ে চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া নহয়। আমি এনে এক পৰিৱেশ বিৰাজ কৰাটো বিচাৰোঁ য’ত কেৱল অসমৰ নহয়, বৰঞ্চ বংগ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুখীয়া ৰোগীসকলে ইয়ালৈ আহি উন্নত চিকিৎসা লাভ কৰিব পাৰে।”
পূৰ্বৰ দুৰৱস্থাৰ কথা সোঁৱৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এসময়ত অসমৰ ৰোগীসকলে কেন্সাৰৰ দৰে জটিল ৰোগৰ চিকিৎসাৰ বাবে চেন্নাই, মুম্বাই বা দিল্লীলৈ যাবলগীয়া হৈছিল। কিন্তু এতিয়া এই নতুন কেন্সাৰ চেণ্টাৰ আৰু চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন হোৱাৰ ফলত ৰোগীসকলে ঘৰৰ ওচৰতে চৰকাৰী হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰিব।
এই নতুন চিকিৎসা প্ৰতিষ্ঠানসমূহে বিশেষকৈ কেন্সাৰ ৰোগীৰ বাবে উন্নত সেৱা নিশ্চিত কৰাৰ লগতে ৰোগীৰ পৰিয়ালৰ ওপৰত পৰা আৰ্থিক আৰু মানসিক বোজা বহু পৰিমাণে লাঘৱ কৰিব। ৰাজ্যখনত স্থাপন হোৱা এই বিশাল আন্তঃগাঁথনিয়ে অসমক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ কেন্ত্ৰবিন্দু হিচাপে গঢ়ি তুলিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
