২০২৪ চনৰ মে’ মাহৰ তুলনাত ২০২৫ চনৰ মে’ মাহত অসমকে ধৰি ভাৰতত চাহৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। ভাৰতীয় চাহ পৰিষদৰ ২০২৫ চনৰ মে’ মাহৰ আনুমানিক চাহৰ উৎপাদন সন্দর্ভত এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত মুঠ চাহৰ উৎপাদন ৩৭.৪৪ নিযুত কিলোগ্রাম বৃদ্ধি পাইছে। অসমতো ২০২৪ চনৰ মে’ মাহত চাহৰ উৎপাদনৰ তুলনাত ২০২৫ চনৰ মে’ মাহত ১২.০২ নিযুত কিলোগ্রাম উৎপাদন বৃদ্ধি পাইছে।
প্রতিবেদনত উল্লেখ কৰা হৈছে যে সামগ্রিকভাৱে ভাৰতত মে’ মাহটোত ১৩০.৬০ নিযুত কিলোগ্রাম চাহ উৎপাদন কৰে। ইয়াৰ তুলনাত ২০২৪ চনৰ মে’ মাহত দেশত চাহৰ উৎপাদনৰ পৰিমাণ আছিল ৯৩.১৬ নিযুত কিলোগ্রাম। এনেদৰে বছৰটোৰ ভিতৰত এই বৃদ্ধিৰ পৰিমাণ হয়গৈ ৩৭.৪৪ নিযুত কিলোগ্রাম। অসমৰ কথা ক’বলৈ গ’লে ২০২৫ চনৰ মে’ মাহত মুঠ চাহৰ উৎপাদন আছিল ৬২.৫১ নিযুত কিলোগ্রাম।
এই মাহটোত দেশৰ যিকোনো ৰাজ্যৰ ভিতৰতে সর্বাধিক এই চাহ উৎপাদনৰ হাৰ তাৎপর্যপূর্ণভাবে ২০২৪ চনৰ মে’ মাহত অসমত ৫০.৫৭ নিযুত কিলোগ্রাম চাহ উৎপাদন হৈছিল। বার্ষিক বিকাশৰ পৰিমাণ হৈছে ১২.০২ নিযুত কিলোগ্রাম। চলিত বৰ্ষৰ মে’ মাহত উৎপাদিত ৬২.৫৯ নিযুত কিলোগ্রামৰ ভিতৰত বৃহৎ চাহ উৎপাদনকাৰীসকলে ২৮.১৯ নিযুত কিলোগ্রাম অৱদান আগবঢ়াইছিল, আনহাতে ক্ষুদ্র উৎপাদনকাৰীসকলে ৩৪.৪০ নিযুত কিলোগ্রাম চাহ উৎপাদন কৰে।
