উমেশ বৰুৱা স্মৃতি ফুটবল প্ৰতিযোগিতা

184

বৰপেটা জিলা ভিত্তিত প্ৰয়াত উমেশ বৰুৱা স্মৃতি প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২০ আগষ্টৰ পৰা শুভাৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । 

আমন্ত্ৰণ মুলক প্ৰাইজমানি এই ফুটবল প্ৰতিযোগিতা খনৰ আয়োজক হৈছে ষ্টাৰ ফুটবল ক’চিং চেন্টাৰ । বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ সহযোগত অহা ২০ আগষ্টৰ পৰা হ’ব লগীয়া এই ফুটবল প্ৰতিযোগিতা ৮ টা দলৰ মাজত নক আউট পদ্ধতিত খেলোৱাৰ দিহা কৰা হৈছে বুলি আয়োজকৰ ফালৰ পৰা জানিব পৰা গৈছে ।

উল্লেখ্য যে  বহু কেইখন ফুটবল টূৰ্ণামেন্ট কেইটামান বছৰ চলি মৃত্যু মুখত পৰিছে । তেনে পৰিস্থিতিত ষ্টাৰ ফুটবল ক’চিং চেন্টাৰে এই উমেশ বৰুৱা নামৰ নমস্য ফুটবলাৰ গৰাকীৰ স্মৃতিত আয়োজন কৰিব ওলোৱা প্ৰতিযোগিতা খনৰ স্থায়িত্ব কিমান দুৰ হ’ব সেয়া অতি লক্ষ্যনীয় হ’ব ।