আদিত্য বিৰলা এডুকেচন ট্ৰাষ্টৰ উজাছে ঋতুস্ৰাৱৰ সময়ৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব অসমত

383

আদিত্য বিৰলা এডুকেচন ট্ৰাষ্টৰ উদ্যোগ উজাছ পদক্ষেপে কিশোৰী-ছাত্ৰী-মহিলাৰ ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযান ৰূপায়ণ কৰি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। উজাছৰ প্ৰতিষ্ঠাপক অদ্বৈতেষা বিৰলাৰ দৃষ্টিভংগীৰে পৰিচালিত এই পদক্ষেপে অসমত ইতিবাচক পৰিৱৰ্তন আৰু সবলীকৰণৰ পদক্ষেপ হাতত লৈছে। আগশাৰীৰ বেচৰকাৰী সংস্থা গ্লাড ভাৰত ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। উজাছে প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে, এই পদক্ষেপৰ জৰিয়তে কিশোৰী আৰু মহিলাসকলৰ মাজত ব্যাপকভাৱে যোগাযোগ আৰু সজাগতা বিয়পোৱাৰ কাম হাতত লৈছে।

এই পদক্ষেপৰ জৰিয়তে একেলগে সক্ৰিয়ভাৱে সজাগতা বৃদ্ধি, নিষেধাজ্ঞা বা কু-সসংস্কাৰ দূৰ কৰি সমগ্ৰ অঞ্চলটোত ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে ইতিবাচক কথোপকথন আৰু পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে।  ‘উজাছ মেষ্ট্ৰুৱেল হেল্থ এক্সপ্ৰেছ’ হৈছে এক অনন্য পদক্ষেপ, প্ৰথমবাৰলৈ ভাৰতত এনে পদক্ষেপ ৰূপায়ণৰ বাবে ২৫খন ৰাজ্যৰ ১০৭খন চহৰক সামৰি লোৱা হৈছে, এই যাত্ৰাই অতিক্ৰম কৰিব ২০,০০০ কিলোমিটাৰৰো অধিক যাত্ৰা।  এই পদক্ষেপৰ জৰিয়তে বিশেষভাৱে ডিজাইন কৰা মেষ্ট্ৰুৱেল হেল্থ এক্সপ্ৰেছ ভেনে বিভিন্ন অঞ্চল আৰু সম্প্ৰদায়ক সামৰি লৈ ঋতুস্ৰাৱৰ সময়ছোৱাত পূৰ্বৰে পৰা সমাজক চলি অহা সংস্কৃতি, প্ৰথা আৰু জনবিশ্বাসেৰে সমৃদ্ধ পৰিৱেশৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈ স্থানীয় বেচৰকাৰী সংগঠনবোৰক জড়িত কৰিব।

স্থানীয় বেচৰকাৰী সংস্থাসমূহৰ সহযোগত ৰূপায়িত এই পদক্ষেপৰ লক্ষ্য হৈছে এই বিস্তৃত অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশৰ ২৫০,০০০ৰো অধিক ঋতুস্ৰাৱৰ পেড বিতৰণ কৰা – যিয়ে ঋতুস্ৰাৱৰ সময়ৰ স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি মহিলাসকলক সবলীকৰণ আৰু মানুহৰ মাজত ইতিবাচক প্ৰভাৱ সৃষ্টিৰ বাবে উজাছৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। এই ইতিবাচক পদক্ষেপৰ বিষয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰি উজাছৰ প্ৰতিষ্ঠাপক অদ্বৈতেষা বিৰলাই কয় যে, “আমি অভিজ্ঞ আৰু প্ৰশিক্ষিত পেছাদাৰীসকলে প্ৰদান কৰা তথ্যৰ ভিত্তিত বয়স অনুযায়ী সজাগতা কৰ্মশালা আৰু ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ বিদ্যালয়, হোষ্টেল, চৰকাৰী কলেজ আৰু স্থানীয় মানুহৰ মাজত সজাগতি বৃদ্ধিৰ প্ৰয়াস কৰিছোঁ।‘’