UDP প্ৰাৰ্থী এইচ ডি আৰ লিংডোৰ মৃত্যুৰ পিছতে পিছুৱাই দিয়া হ’ল মেঘালয়ৰ ছ’হিয়ং সমষ্টিৰ ভোটগ্ৰহণ…

102

মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা আগন্তুক নিৰ্বাচনৰ বাবে ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী এইচ ডি আৰ লিংড’ৰ মৃত্যুৰ পিছত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ছ’হিয়ং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ পিছুৱাই দিয়া হৈছে।

সোমবাৰে প্ৰচাৰ অভিযানৰ সময়ত পতিত হৈ মৃত্যু হয় লিংডোৰ।

প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পিছত এতিয়া ৬০টা সমষ্টিৰ ভিতৰত ৫৯টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

এ এন আইৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰে কয় যে নিৰ্বাচন আয়োগে ছ’হিয়ং সমষ্টিৰ নিৰ্বাচনৰ তাৰিখ পিছত ঘোষণা কৰিব।

খাৰকংগৰে কয় যে এতিয়া ২৭ ফেব্ৰুৱাৰীত ৬০টা সমষ্টিৰ ভিতৰত ৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোটৰ সমান্তৰালকৈ অহা ২ মাৰ্চত ভোট গণনা কৰা হ’ব।