দৈনিক ক্ৰেতাৰ ৭০% বৃদ্ধিৰে অভিলেক উড়ানৰ, ২০২৪ বৰ্ষত শক্তিশালী কৰিলে কিৰানা ব্যৱসায়ক

5

দেশৰ সৰ্ববৃহৎ ই-বিজনেছ-টু-বিজনেছ (ইবি২বি) প্লেটফৰ্ম উড়ানে ২০২৪ বৰ্ষত নিজৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ বৃদ্ধিৰ কথা সদৰি কৰিছে, দৈনিক ক্ৰেতাসকলৰ ৭০% বৃদ্ধি আৰু ৰাজহ আহৰণৰ হাৰ ৬৫% বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। এই প্লেটফৰ্মে ৭ লাখ মেট্ৰিক টনতকৈ অধিক ওজনৰ ২.৪৫ বিলিয়ন ইউনিটতকৈ অধিক সামগ্ৰী যোগান ধৰিছিল, যিয়ে কিৰানা বাণিজ্যৰ ক্ষেত্ৰত উড়ানৰ নেতৃত্বক অধিক শক্তিশালী কৰি তুলিছে। এফএমচিজি শিতানত বছৰি (ৱাইঅ’ৱাই) ৮৫% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, খুচুৰা বিক্ৰেতাসকলৰ সামগ্ৰী অৰ্ডাৰৰ পৰিমাণ ৫০% বৃদ্ধিৰ ফলত এই পৰিণাম দেখা গৈছে। ব্যক্তিগত লেবেল ব্ৰেণ্ডসমূহে ৰাজহ আহৰণৰ হাৰত ব্যতিক্ৰমী ২৫০% উত্থান দেখা গৈছে, যিয়ে উচ্চ মানদণ্ডৰ, মূল্য-চালিত সামগ্ৰীৰ বৰ্ধিত চাহিদা প্ৰতিফলিত কৰিছে। ইয়াৰ লগতে উড়ানে শেষ মাইলৰ ডেলিভাৰীৰ বাবে বেংগালুৰুত বৈদ্যুতিক বাহন (ইভি)ৰ ব্যৱহাৰ আৰম্ভ কৰিছে, যিয়ে বহনক্ষম পৰিবহনৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

উড়ানৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বৈভৱ গুপ্তাই এই কথা সদৰি কৰি কয় যে, “শক্তিশালী বহনক্ষম বিকাশৰ সমান্তৰালভাৱে আমি কেৱল কিৰানা বাণিজ্যক সক্ষম কৰি তোলাই নহয়, লগতে নিজৰ ৰূপান্তৰৰ যাত্ৰাৰো সক্ৰিয় নেতৃত্ব বহন কৰিছোঁ। যোৱা বৰ্ষৰ দৰেই ২০২৫ক লৈও আমি গভীৰ আশাবাদী, আমাৰ মনোযোগ উদ্ভাৱন, দক্ষতা আৰু দেশৰ কিৰানা পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ আছে।”

উড়ানৰ ব্যৱসায়িক সম্প্ৰসাৰণে গুৱাহাটীৰ স্থানীয় খুচুৰা বিক্ৰেতাসকলক এফএমচিজি সামগ্ৰী, ষ্টেপল(ঘৰুৱা প্ৰধান) সামগ্ৰী আৰু ব্যক্তিগত যতন সামগ্ৰীৰ এক বিস্তৃত সম্ভাৰৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।  উড়ানৰ দৰে ইবি২বি প্লেটফৰ্মৰ ওপৰত বৰ্ধিত নিৰ্ভৰশীলতাই পৰম্পৰাগত যোগান শৃংখলাক ন ৰূপত সজাই তুলিছে, যিয়ে গুৱাহাটীৰ কিৰানা ষ্ট’ৰসমূহক এক গতিশীল খুচুৰা দৃশ্যপটত কাৰ্যকৰীভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত সহায় কৰিছে।