উবেৰে আৰম্ভ কৰিছে ‘উবেৰ প্ৰ”, চালকসকলক সহায়ৰ লক্ষ্যৰে এক পুৰস্কাৰ কাৰ্যসূচী

341

উবেৰে মুকলি কৰিলে ‘উবেৰ প্ৰ’  – যি হৈছে ৰাজপথৰ ভিতৰত আৰু পথৰ বাহিৰত চালকসকলৰ দ্বাৰা অনুপ্ৰাণিত আৰু চালকসকলৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা এক পুৰস্কাৰ কাৰ্যসূচী। উবেৰ প্ৰ’ৰ জৰিয়তে চালকসকলক উপাৰ্জনৰ নতুন উপায়, অধিক বিকল্প আৰু সমৰ্থন আৰু চালকসকল কিদৰে আগবাই যাব পাৰে তাৰ বাবে যথেষ্ট ৰেহাই প্ৰদান কৰে। ভাৰতৰ ১২খন চহৰত আকৰ্ষণীয় পুৰস্কাৰ, সুবিধা আৰু এক্সক্লুছিভ বৈশিষ্ট্যসহিতে মুকলি কৰা হৈছে। ভাল গ্ৰাহক(গুড কাষ্টমাৰ) ৰেটিং (৪.৮ৰ ওপৰত) আৰু নিম্ন ভ্ৰমণ বাতিল(ল’ ট্ৰিপ কেঞ্চেলেচন)ৰ সৈতে চালকক পুৰস্কৃত কৰি এই প্ৰয়াসৰ দ্বাৰা প্ৰতিটো ট্ৰীপক ৰাইডাৰ আৰু চালকৰ বাবে মেজিকেল কৰি সামগ্ৰিক প্লেটফৰ্ম অভিজ্ঞতাক উন্নীত কৰাৰ লক্ষ্য লৈছে।

উবেৰ প্ৰ’ই চাৰিটা স্তৰ বা টায়াৰৰ অফাৰ আগবঢ়াইছে : ব্লু, গোল্ড, প্লেটিনাম আৰু ডাইমণ্ড, ডাইমণ্ড বিং দ্য হাইয়েষ্ট(সৰ্বোচ্চ)। নতুন চালকসকলে সম্পূৰ্ণ হোৱা ট্ৰীপত পইণ্ট লাভ কৰে আৰু এক মাপকাঠী বা ক্ৰাইটেৰিয়া পূৰণ কৰে, যিবোৰ প্ৰতি ৩ মাহৰ মূৰে মূৰে ৰিছেট হয়।

চালকসকলে আগবাঢ়ি যোৱাৰ লগে লগে তৃতীয় পক্ষ(থাৰ্ড পাৰ্টী)ৰ পৰা একচেটিয়া সুবিধা আৰু পুৰস্কাৰ লাভ কৰে, যাৰ ভিতৰত অন্তৰ্ভুক্ত ৰেহাই মূল্যৰ বাহন মেইনেটেনেঞ্চ(ৰক্ষণাবেক্ষণ), মটৰ ইঞ্চুৰেঞ্চ আৰু মাইক্ৰ’ ক্ৰেডিট ইত্যাদি। এই বিষয়ে উবেৰ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ অপাৰেচন শাখাৰ সঞ্চালক শিৱ শৈলেন্দ্ৰনে কয় যে, “যোৱা ১০ বছৰত #ইণ্ডিয়াকিৰাইড কৰি শীৰ্ষ ৰেটিং পোৱা চালকসকলে উবেৰ প্লেটফৰ্মৰ অভিযোজন আৰু অবিৰত ব্যৱহাৰৰ প্ৰচাৰত বহুখিনি আগবাঢ়ি যাব আৰু উবেৰ এপৰ সামগ্ৰিক অভিজ্ঞতা উন্নত কৰি নতুন মাত্ৰা প্ৰদান কৰিব।”