অত্যধিক সুৰা পান কৰাৰ পাছত ডিঙিত খাদ্য বস্তু লাগি ধৰাৰ ফলত সৃষ্টি হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাই অকালতে কাঢ়ি নিলে দুগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাৰ বন্দৱাড্ডিপল্লীত সংঘটিত এই মৰ্মান্তিক ঘটনাত দুজন ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ মৃত্যু হোৱা বুলি বুধবাৰে আৰক্ষীয়ে নিশ্চিত কৰিছে।
ৰায়চোটীৰ উপ-আৰক্ষী অধীক্ষক কৃষ্ণ মোহনে জনোৱা মতে, মৃত যুৱক দুজন ক্ৰমে মণি কুমাৰ (৩৫) আৰু পুষ্পৰাজ (২৭) বুলি চিনাক্ত কৰা হৈছে। যোৱা ১৭ জানুৱাৰীত তেওঁলোকে আন চাৰিজন বন্ধুৰ সৈতে বিয়লি ৩:৩০ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ প্ৰায় ১৯ কেন বিয়াৰ পান কৰিছিল। ইয়াৰে মণি কুমাৰে অকলে ৬ কেন আৰু পুষ্পৰাজে ৫ কেন বিয়াৰ পান কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
ঘৰলৈ উভতি অহাৰ পথত মণি কুমাৰে হঠাতে উশাহ ল’বলৈ কষ্ট পাই ঢলি পৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। একেদৰে পুষ্পৰাজৰো নিশা প্ৰায় ১০ বজাত মৃত্যু ঘটে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, অত্যধিক সুৰা পান কৰাৰ ফলত অচেতন প্ৰায় অৱস্থাত খাদ্য গ্ৰহণ কৰোঁতে সেয়া খাদ্য নলীৰ পৰিৱৰ্তে শ্বাসনলীত লাগি ধৰে আৰু তাৰ বাবেই দুয়োৰে উশাহ বন্ধ হৈ পৰে।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা প্ৰেৰণ কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা বিয়াৰ কেনৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে প্ৰাৰম্ভিক পৰীক্ষাত সুৰাত কোনো বিষক্ৰিয়াৰ প্ৰমাণ পোৱা হোৱা নাই। বৰ্তমান আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৯৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
