বাংলাদেশৰ সাংসদ প্ৰাৰ্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্ৰ শৰীফ ওছমান হাদিক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত দুজন হত্যাকাৰী অভিযুক্ত অসমৰ গুৱাহাটীত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ফেচবুকসহ বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত তথ্য অনুসৰি ঢাকাৰ সাংসদ প্ৰাৰ্থীগৰাকীক হত্যা কৰা অভিযুক্ত দুজন হৈছে ফয়ছাল কৰিম মাছুদ আৰু মঃ আলমগীৰ শ্বেখ, যিসকলে বৰ্তমান গুৱাহাটীত আত্মগোপন কৰি আছে বুলি কোৱা হৈছে। ইফালে, আজি ঢাকাত নিযুক্ত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে তলৱ কৰাৰ লগতে হত্যাকাৰী দুজনক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে অনুৰোধ জনাইছে।
