গুৱাহাটী মহানগৰীৰ গাতে লগা অসম – মেঘালয় সীমান্তৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলত বৃক্ষৰোপন কাৰ্যৰ লগত জড়িত এটা পৰিবেশ সংস্থাৰ দুজন কর্মী ৩০ জুনৰ বিয়লিৰ পৰা মটৰ চাইকেলসহ সন্ধানহীন হোৱা ঘটনাই তেওঁলোকৰ পৰিয়ালৰ লগতে গুৱাহাটী মহানগৰ আৰক্ষী আৰু বন বিভাগৰ ভিতৰচৰাটো খলকনি তুলিছিল।
সোঁভাগ্যক্ৰমে চাৰিদিনৰ অন্তত ৩ জুলাইৰ সন্ধিয়া পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ ৰাণী গনপতি অঞ্চলত দুয়োজনকে মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তৰ নেতৃত্বত যোৱা আৰক্ষী – চি আৰ পি এফৰ দল এটাই অভিযান চলাই দুয়োজনকে নিৰাপদে উদ্ধাৰ কৰাৰ লগতে ভদ্ৰেশ্বৰ তিমুং নামৰ এজন অপহৰণকাৰীক আটক কৰে। অৱশ্যে বাকী পাঁচ – ছয়জন অপহৰণকাৰী আন্ধাৰৰ সেউজ লৈ পলাই যাবলৈ সক্ষম হয়। ইফালে পলাই যোৱা অপহৰণকাৰীক কাবু কৰাৰ বাবে আৰক্ষীয়ে গুলী চলাইছিল। যাৰ বাবে সন্ধিয়াৰ পৰা নিশা ১০ মান বজালৈ প্ৰায় চাৰিঘণ্টা ধৰি ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তবুল বড়োৰ নেতৃত্বত আৰক্ষী – চি আৰ পি এফৰ এটা দলে অসম মেঘালয় সীমান্তৰ সেই দুৰ্গম স্থানত হাতী, বাঘকে ধৰি বন্যজন্তুৰ ভাবুকিক নেওচিও গুলীত অপহৰণকাৰী ধৰাশায়ী হৈ আঁহত বা নিহত হব পাৰে বুলি এক অভিযান চলাইছিল। ইফালে উদ্ধাৰ হোৱা দুই পৰিবেশকর্মী ক্ৰমে গুৱাহাটীৰ কৃষ্ণনগৰ জাপৰিগোগৰ বিক্ৰমপুৰ পথৰ বাসিন্দা কুশল কলিতা (৪৩) আৰু নুনমাটিৰ বিষ্ণুৰাভা নগৰৰ জয়ন্ত কছাৰীক (৪১)।
অপহৰণকাৰীয়ে উদ্ধাৰ হোৱাৰ আগলৈকে চাৰিদিন ধৰি খোজ কাঢ়িবলৈ বাধ্য কৰাই ঘূৰাই লৈ ফুৰিছিল । খাবলৈ দিছিল বাঁহৰ চুঙাত ভাত । শুবলৈ দিছিল গছৰ তলত বা বাঁহনীত । দুয়োজনৰ ইতিমধ্যে পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি সম্প্ৰতি দুয়োজন সুস্থ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ লগতে বন বিভাগকো কৃতজ্ঞতা জ্ঞাপন কৰিছে ।অৱশ্যে অপহৃত হোৱাৰ সময়ত তেওঁলোকৰ লগত থকা মটৰ চাইকেলখন এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।
পৰিয়ালৰ সূত্ৰই সদৰি কৰা অনুসৰি সিদিনাই দুয়োজনক অপহৰণ কৰাৰ পাছত অপহৰণকাৰী দলটোৰ দুজনে মটৰ চাইকেলখন ঠেলি ঠেলি কিছুদূৰ লৈ গৈছিল। তাৰ পাছত দুয়োজনকে চকুত কাপোৰ বান্ধি খোজ কাঢ়িবলৈ দিযাৰ পাছত মটৰ চাইকেলখন কৰবাত লুকাই থৈ দিয়ে অপহৰণকাৰীয়ে। তাৰ চাৰিদিন পাছত উদ্ধাৰ হয় দুয়োজন। ইফালে সন্ধানহীন হোৱাৰ দিনাই নিশা নিশাই আৰক্ষী আৰু বনকর্মীৰ এটা দলে দুয়োজনৰ সন্ধানত গড়ভঙা বনাঞ্চলত অভিযান চলাইছিল যদিও মটৰ চাইকেলসহ দুয়োজনৰ কোনো সন্ধান পোৱা নাছিল।
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই এটা বৃহৎ আৰক্ষীৰ দল লৈ সমগ্ৰ গড়ভঙা বনাঞ্চলত দুয়োজনৰ সন্ধানত অভিযান চলাইছিল। অভিযান কালত সহযোগ কৰিছিল দক্ষিণ গুৱাহাটীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনৰ নেতৃত্বত এটা বনকর্মীৰ দলেও আৰক্ষীক সহযোগ কৰিছিল। আনহাতে গুৱাহাটীৰ গাতে লগা এখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পৰা পৰিৱেশ সংৰক্ষণৰ লগত জড়িত দুজনকৈ কৰ্মী সন্ধানহীন হোৱা ঘটনাটোক বন বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে লৈছিল। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই দক্ষিণ গুৱাহাটীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনসহ এটা বনকর্মী , বন সুৰক্ষা বাহিনীৰ জোঁৱানৰ দল লৈ বৰষুণক নেওচিও পুৱাৰে পৰা বিয়লিলৈ দুয়োজন কৰ পৰা কেনেকৈ সন্ধানহীন হল তাক তন্নতন্নকৈ পৰীক্ষা কৰিছিল। বৰপানী শিবিৰৰে পৰা উভতি আহি থাকোঁতে মটৰ চাইকেলসহ পাহাৰৰ পৰা পৰি যাব পাৰে বুলি সন্দেহ থকা কেবাটাও স্থান দলটোৱে তন্নতন্নকৈ পৰীক্ষা কৰিছিল। অৱশ্যে সন্ধিয়া দুয়োজনক সুকলমে উদ্ধাৰ কৰা বুলি খবৰ পোৱাৰ পাছত তেওঁলোক অতিকৈ আনন্দিত হোৱা বুলি বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই জানিবলৈ দি এই পৰ্যন্ত উদ্ধাৰ নোহোৱা মটৰ চাইকেল উদ্ধাৰকে ধৰি বনাঞ্চলত পৰবৰ্তী যিকোনো অভিযানতপূৰ্বৰ দৰে আৰক্ষীক বন বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হব বুলি জানিবলৈ দিছে ।