ছয়গাৱত দুদিনীয়াকৈ কাঠফুলাৰ প্ৰশিক্ষণ

280

মিৰ্জা, গ্ৰ্যাণ্ট থৰ্নটন ভাৰত এল এল পিৰ উদ্যোগত কামৰূপ জিলাৰ ছয়গাৱত ১৫ ফেব্ৰুৱাৰীৰ পৰা ব্যৱসায়িক ভিত্তিত দুদিনীয়াকৈ এটা কাঠফুলাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। মেৰঘৰ মহিলা কৃষক উৎপাদক গোটৰ সহযোগত তথা কামৰূপ এগ্ৰো ইনড্ৰাষ্টি এচোছিয়েশ্যনৰ লগত যৌথ প্ৰয়াসত গ্ৰ্যাণ্ট থৰ্নটন ভাৰত এল এল পিয়ে অনুষ্ঠিত কৰা প্ৰশিক্ষণটোত গ্ৰামীণ মহিলা সকলৰ আৰ্থিক তথা সামগ্ৰিক দক্ষতা বিকাশৰ লক্ষ্যৰে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।

প্ৰায় ৫০ গৰাকী মহিলাই উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে য’ত ব্যৱহাৰিক দিশত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক মানপত্ৰ, কাঠফুলাৰ বীজ তথা অন্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।

প্ৰশিক্ষণৰ উদ্দেশ্য যাতে প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীয়ে কাঠফুলা খেতিৰে আৰ্থিক ভাৱে স্বাৱলম্বী হৈ উঠিব পাৰে। এইচ ডি এফ চি পৰিৱৰ্তনৰ অন্তৰ্গত “STREE” প্ৰজেক্টৰ অধীনত গ্ৰ্যাণ্ট থৰ্নটন ভাৰত এল এল পিয়ে এনে বহুতো পৰিকল্পনা গ্ৰহণ কৰি মহিলা সকলক লৈ আগবাঢ়িছে।