পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী। ২০২৩ চনত তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। লগতে বহু অট্টালিকা ধ্বংস হৈ পৰিছিল।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১। দেশখনৰ জৰুৰীকালীন সঁহাৰি সংস্থাই জনোৱা মতে, এতিয়ালৈকে ভূমিকম্পৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ আহি পৰা নাই। দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু বালিকেছিৰ প্ৰদেশৰ ছিণ্ডিৰ্গি চহৰত।
