বন্যপ্ৰাণী সংৰক্ষণ যাত্ৰাৰ বাবে ভাৰতীয় ভ্ৰমণকাৰীক আমন্ত্ৰণ জনাইছে টি এছ আইয়ে

28

ইণ্ডোনেছিয়াৰ অগ্ৰণী পশু শিক্ষা বিনোদন আৰু সংৰক্ষণ কেন্দ্ৰ টামান ছাফাৰী ইণ্ডোনেছিয়াই সকলো ভাৰতীয় পৰ্যটকক উষ্ম আমন্ত্ৰণ জনাবলৈ উৎসাহিত হৈছে। এই বছৰ ১০০,০০০ৰো অধিক ভাৰতীয় দৰ্শনাৰ্থীৰ বাবে অন্যতম পচন্দৰ গন্তব্যস্থান টি এছ আইয়ে শিক্ষা, বিনোদন, গৱেষণা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবেই উৎসৰ্গিত। ই এনে এক আকৰ্ষণীয় কাৰ্যসূচী আগবঢ়ায় যিয়ে এক সমৰ্পিত আৰু শিক্ষামূলক অভিজ্ঞতা প্ৰদান কৰে। যাৰ ফলত বন্যপ্ৰাণী অন্বেষণ আৰু সংৰক্ষণৰ পদক্ষেপৰ অনন্য মিশ্ৰণ বিচৰা ভাৰতীয় পৰ্যটকসকলৰ বাবে এক প্ৰিয় গন্তব্যস্থলী হিচাপে পৰিগণিত হয়।

ইণ্ডোনেছিয়াৰ এটা ব্যৱসায়িক ইউনিট টি এছ আইয়ে একেৰাহে চাৰিটা দশক ধৰি ৪০০টা বিবিধ প্ৰজাতিৰ পৰা ৮,৭০০ প্ৰাণীক সুৰক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত হৈ আহিছে। বিশেষভাৱে সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি টি এছ আইয়ে মূল অংশীদাৰসকলৰ আস্থা লাভ কৰি আহিছে আৰু স্থানীয় প্ৰাণীসমূহক প্ৰাকৃতিক বাসস্থানত পুনৰ প্ৰৱেশত অৰিহণা যোগাইছে। এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোৰ ছটা স্থানত কাম কৰে, য’ত আছে পশ্চিম জাভাৰ টামান ছাফাৰী বগৰ, জাকাৰ্টাৰ জাকাৰ্টা একুৰিয়াম আৰু ছাফাৰী, জাটেঙৰ ছাফাৰী বীচ্চ জাটেং, জাটেঙৰ ছ’লো ছাফাৰী আৰু পূব জাভাত টামান ছাফাৰী প্ৰিগেন ইত্যাদি।

প্ৰত্যেকেই অনন্য বন্যপ্ৰাণীৰ অভিজ্ঞতা, শিক্ষা আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰে। এই বিষয়ে মিডিয়া ইভেণ্ট আৰু ডিজিটেল টামান ছাফাৰী ইণ্ডোনেছিয়াৰ উপাধ্যক্ষ আলেকজেণ্ডাৰ জুলকাৰ্নাইনে কয় যে, “আমাৰ সৰল বন্যপ্ৰাণীৰ বাসস্থানসমূহ অন্বেষণ কৰক, আমাৰ বিদেশী বন্যপ্ৰাণীসমূহ প্ৰত্যক্ষ কৰি অভিভূত হওক আৰু বন্যজন্তুৰ মংগলৰ প্ৰতি আমাৰ সমৰ্পণৰ সাক্ষী হওক।”