ট্ৰুকলাৰে ভাৰতত প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে ইউপিআই-আধাৰিত নাম পৰীক্ষণ

7

ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ইউপিআই-আধাৰিত নেম ভেৰিফিকেচন(নামৰ প্ৰমাণীকৰণ)ৰ সুবিধা মুকলি কৰিছে। এই ভেৰিফাইড বেজে এতিয়া ব্যৱহাৰকাৰীসকলক চৰকাৰ-সমৰ্থিত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰিচয় প্ৰমাণিত কৰিবলৈ অনুমতি প্ৰদান কৰে, যাৰ ফলক ডিজিটেল যোগাযোগত অধিক শুদ্ধতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত হয়।

এই আপডেট(উন্নীতকৰণ) অধিক স্বচ্ছ আৰু নিৰ্ভৰযোগ্য প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰকাৰীৰ চাহিদাৰ সঁহাৰিস্বৰূপে মুকলি কৰা হৈছে। নতুন সুবিধাই ব্যৱহাৰকাৰীসকলক ইউপিআই ব্যৱহাৰ কৰি নিজৰ নিজৰ নাম পৰীক্ষা কৰিবলৈ সক্ষম কৰি তোলে, যি হৈছে বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা আস্থাৰ এক পদ্ধতি, যিয়ে যোগাযোগ বা সংযোগত বৰ্ধিত বিশ্বাস আৰু সুৰক্ষা প্ৰদান কৰে।

ট্ৰুকলাৰ ইণ্ডিয়াৰ মুখ্য প্ৰডাক্ট বিষয়া তথা এম ডি ঋষিত ঝুনঝুনৱালাই শুভাৰম্ভণি অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “নতুন ভেৰিফাইড বেজ আমাৰ প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলে নিজৰ নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ অধিক শক্তিশালী উপায়ৰ বাবে কৰা অনুৰোধৰ এয়া হৈছে প্ৰত্যক্ষ সঁহাৰি। ইউপিআই-ভিত্তিক পৰীক্ষণক একত্ৰিত কৰি আমি নিশ্চিত কৰোঁ যে ব্যৱহাৰকাৰীৰ পৰিচয় প্ৰামাণিক হোৱাৰ সমান্তৰালভাৱে বিশ্বাসযোগ্য।” বৰ্তমান এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ ভেৰিফাইড বেজ অচিৰে আইফোন ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব। এই সুবিধাসমূহক বিশ্বব্যাপী সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাৰে ডিজিটেল পাৰস্পৰিক ক্ৰিয়া-কলাপক অধিক সুৰক্ষিত কৰাৰ বাবে ট্ৰুকলাৰ-ৰ প্ৰতিশ্ৰুতি বহন কৰিছে৷