TRP কাণ্ডঃ মুম্বাই ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত সোধ-পোছ অব্যাহত আছে ৰিপাব্লিক টিভিৰ CEO-ক

61

ডিজিটেল ডেস্কঃ টেলিভিছন ৰেটিং পইণ্ট ইফাল-সিফাল কাণ্ডৰ তদন্তৰ বাবে দেওবাৰে মুম্বাই ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰিপাব্লিক টিভিৰ চিইঅ’ বিকাশ খনচন্দানী। উল্লেখ্য যে, বিকাশ খনচন্দানীলৈ শনিবাৰে চমন জাৰি কৰি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মুম্বাই আৰক্ষীয়ে। বৰ্তমান ৰিপাব্লিক টিভিৰ চিইঅ’গৰাকীক সোধ-পোছ চলাই থকা হৈছে।

ইফালে ৰিপাব্লিক টিভিৰ চিএফঅ’ শিৱ সুব্ৰমণিয়াম সুন্দৰমলৈও আৰক্ষীয়ে চমন জাৰি কৰিছিল যদিও ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে কিছু সময় বিচাৰিছে সুন্দৰমে। ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে ১৬ অক্টোবৰ পৰ্যন্ত তেওঁৰ কৰ্মসূচী পূৰ্বেই নিৰ্ধাৰণ কৰি থোৱা আছে। আনহাতে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰিছে চিএফঅ’ সুন্দৰমে। ন্যায়ালয়ত মুম্বাই আৰক্ষীৰ চমনকো প্ৰত্যাহ্বান জনোৱা হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি টেলিভিছন ৰেটিং পইণ্ট অৰ্থাৎ টিআৰপিৰ নামত গণ্ডোগল সংঘটিত হোৱাৰ কথা পোহৰলৈ আনিছিল। এই সন্দৰ্ভত তিনিটা টিভি চেনেলৰ বিৰুদ্ধে অভিযোগ লাভ কৰা বুলিও দাবী কৰিছিল মুম্বাই আৰক্ষী আয়ুক্তই। এই গোচৰত ইতিমধ্যে দুটা মাৰাঠী টিভি চেনেলৰ মালিকক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে। তৃতীয়টো টিভি চেনেল হৈছে অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভি।