ত্ৰিপুৰা সোমবাৰে দেশৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হয় । ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ ৯৫.৬ শতাংশলৈ বৃদ্ধি পায় । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সঞ্চালিকা (প্ৰাপ্তবয়স্ক শিক্ষা) প্ৰীতি মীনাই ইয়াত এক অনুষ্ঠানত ভাষণ দি কয় যে মিজোৰাম আৰু গোৱাৰ পিছত ত্ৰিপুৰা হৈছে ভাৰতৰ তৃতীয়খন ৰাজ্য যিয়ে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱাৰ গৌৰৱ লাভ কৰিছে ।
