অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ৰণত এইবাৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে তৃণমূল কংগ্ৰেছে। দলৰ মুৰব্বী মমতা বেনাৰ্জী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত ১৮ গৰাকী তাৰকা প্ৰচাৰকৰ এক বিশাল বাহিনী শুকুৰবাৰে ঘোষণা কৰে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে। ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহত দলীয় প্ৰচাৰ তুংগত তুলিবলৈ এইবাৰ কেইবাজনো প্ৰভাৱশালী নেতা আৰু জনপ্ৰিয় ব্যক্তিত্বক একেলগে নিৰ্বাচনী যুঁজত নমাই দিয়া হৈছে।
এই তাৰকা প্ৰচাৰকৰ তালিকাত স্থান পাইছে সুস্মিতা দেৱ, মহুয়া মৈত্রা, শত্রুঘ্ন সিনহা, বাবুল সুপ্ৰিয়, কীৰ্তি আজাদ আৰু ইউছুফ পাঠানৰ দৰে হাইপ্ৰ’ফাইল ব্যক্তিসকলে। ইয়াৰ উপৰিও কাকলি ঘোষ দস্তিদাৰ, সাগৰিকা ঘোষ, মলয় ঘটক, শতাব্দী ৰায়, সায়নী ঘোষ আৰু শান্তা চেত্ৰীকো নিৰ্বাচনী প্ৰচাৰৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে।
আনহাতে জুন মালিয়া, ছিদ্দিকুল্লাহ চৌধুৰী, মোচাৰফ হুছেইন আৰু দুলু আহমেদৰ দৰে নেতাসকলেও অসমৰ নিৰ্বাচনী ৰণত দলৰ হৈ প্ৰচাৰ চলাব। দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে যে শীৰ্ষ নেতাৰ উপস্থিতিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত দলক বিশেষভাৱে সহায় কৰিব।
