গুৱাহাটীত উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে ২০০ বছৰ গৰকা গছ কাটিবলৈ ওলোৱাক কেন্দ্ৰ কৰি গৰজি উঠিছে সচেতন ৰাইজ। সকলোৱে চৰকাৰে উন্নয়নৰ নামত গছ কাটিবলৈ ওলোৱাক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে। গুৱাহাটীৰ ঐতিহ্যবাহী দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে ৰাজপথত গুৱাহাটীৰ সচতন ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। দীঘলীপুখুৰীৰ চৌপাশে থকা গছ সুৰক্ষাৰ বাবে চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথত মুখৰ হৈ পৰে মহানগৰৰ সচেতন নাগৰিক সমাজ। সাহিত্যিক, সাংবাদিক, চিত্রশিল্পী, শিক্ষক, ৰাজনীতিক- সকলোৱে দীঘলীপুখুৰীপাৰত সমবেত হৈ গছকটাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। বুধবাৰেও তাৰ প্ৰতিবাদ অব্যাহত থাকে।
গুৱাহাটীৰ মণিৰাম দেৱান পথ আৰু গোপীনাথ বৰদলৈ পথ সংযোগী নির্মীয়মাণ উৰণ সেতুক কেন্দ্ৰ কৰি গুৱাহাটীবাসীৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ এই উৰণ সেতুৱে দীঘলীপুখুৰীপাৰৰ জৈৱ-বৈচিত্র্য, ঐতিহ্য আৰু প্রাকৃতিক সৌন্দর্যত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে। গছ কাটিবলৈ ওলোৱাৰ বিৰুদ্ধে ৰাজনীতিক নেতা, শিল্পী, গায়িকাকে ধৰি সকলোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিৰোধিতা কৰিছে।
ইয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ৷