দক্ষিণ স্পেইনৰ কর্ডোবা প্ৰদেশৰ এডামুজত দ্ৰুতবেগী ৰে’লৰ মাজত সংঘৰ্ষত ৩৯ জনৰ মৃত্যু আৰু ১৫২ জন গুরুতৰভাৱে আহত হৈছে। হঠাতে লাইনচ্যুত হোৱা ‘ইৰিঅ’ ৬১৮৯’ নামৰ ৰে’লখন বিপৰীত দিশৰ পৰা অহা আন ৰে’লৰ সৈতে সংঘৰ্ষ ঘটে। এই ভয়ংকৰ ঘটনাটো সন্ধ্যা ৬:৪০ বজাত ঘটে, য’ত ৰে’লৰ চালক নিহত হয়। উদ্ধাৰ অভিযান চলাকালত বহু যাত্ৰী চূৰ্ণ-বিচূৰ্ণ ৰে’ল ডবাসমূহত আৱদ্ধ হৈ পৰে, যাক উদ্ধাৰকাৰীসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কৰে। এই ঘটনাক স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুৱেণ্টে গুৰুতৰ বুলি অভিহিত কৰে, ফলত মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজত সকলো ৰে’ল সেৱা সাময়িকভাৱে বন্ধ কৰা হয়।
