উত্তৰ-পূব ৰাজ্যৰ বিভিন্ন ক্ষেত্রব বিশিষ্ট ব্যক্তিক সম্মান জনোৱাৰ উদ্দেশ্যে ব্যতিক্রম গ্রুপব উদ্যোগত “মির্চি এক্সেলেন্স এবার্ড ২০২৫”। ৪ জুলাই সন্ধিয়া ৫টাৰ পৰা গুৱাহাটীৰ বেডিছন ব্লু হোটেলত আয়োজিত হয় এই বিশেষ সম্বর্ধনা অনুষ্ঠান। এই অনুষ্ঠানত উত্তৰ-পূবৰ বিভিন্ন ক্ষেত্রত অবদান আগবঢ়োৱা শীর্ষস্থানীয় ব্যক্তিত্ব, শিল্পী, উদ্যোগপতি, সমাজকর্মী আৰু প্রতিভাবান ব্যক্তিসকলৰ এক উদযাপনৰ সাক্ষী হ’ল সমগ্র অসম।
ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ প্ৰতিভাৰ জয়গান গাই, বিভিন্ন প্রান্তব বিশিষ্ট ব্যক্তিক সম্মান জনোৱাৰ উদ্দেশ্যে “মির্চি এক্সেলেন্স এবার্ড ২০২৫”। ৪ জুলাই সন্ধিয়া ৫টাৰ পৰা গুৱাহাটীৰ বেডিছন ব্লু হোটেল প্রাঙ্গণত অনুষ্ঠিত হয় এই অনুষ্ঠান। য’ত উপস্থিত আছিল নানা ক্ষেত্রত অবদান আগবঢ়োরা শীর্ষস্থানীয় ব্যক্তিত্ব, শিল্পী, উদ্যোগপতি, সমাজকর্মী আৰু উদ্যমী যুৱসকল।
অনুষ্ঠানটোক গৰিমাময় কৰি তুলিছে বলিউডৰ খ্যাতনামা অভিনেত্রী সীমা বিশ্বাস, অসমৰ ‘কমেডি কুইন’ চেতনা দাস, জনপ্রিয় অভিনেতা তথা পৰিচালক যতীন বৰা আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমা নির্মাতা বীমা দাস। লগতে অনুষ্ঠানত উপস্থিত আছিল ড. নচিকেতা ত্রিপাঠী, লায়ন পংকজ কুমাৰ পোন্দাৰ, ৰেখা দাস, পি. এছ, বেস্তি, নিকুমনি বৰুৱা, অমবেশ বয়, বাজীর কৃষ্ণ ভট্টাচার্য, মির্চি গুৱাহাটীৰ ষ্টেচন হেড প্রতীপ দাস, আৰু ব্যতিক্রম’ৰ সভাপতি ড. সৌমেন ভাৰতীয়।
ড. ভাৰতীয়াই কয় যে, “উত্তৰ-পূব ভাৰতৰ প্রতিভা, সংস্কৃতি আৰু সৃষ্টিশীলতাৰ বৈচিত্রত্র্যপূর্ণ সম্পদ। সেয়া কেরল এই অঞ্চলৰ গৌৰৱ নহয়, ই সমগ্র ভাৰতবৰ্ষৰ গৌৰৱ। সেই অনন্য কৃতিত্বসমূহক প্রকাশৰ পোহৰত উজ্জ্বল কৰি তোলাৰ আন্তৰিক প্রয়াসই মির্চি এক্সেলেন্স এবার্ড। এই বঁটা প্ৰদানৰ কাৰ্যসূচী কেবল এজন বিজয়ীক প্রশংসা কৰাত সীমাবদ্ধ নহয়। ই এটা মঞ্চ, য’ত সংগ্রাম, সফলতা আৰু সপোনৰ জীবন্ত কাহিনীবোৰ স্থান পায়। আজিৰ এই সন্ধিয়াই সেই কাহিনিবোৰ আলোকিত কৰিছে”।
অনুষ্ঠানৰ আৰম্ভণিতে মির্চি গুৱাহাটীৰ প্রগ্রামিং হেড প্রিয়াংকী শইকীয়াই আদৰণি ভাষণ প্রদান কৰে। তাৰপিছতেই জাতীয় আৰু ৰাজ্যিক সংগীতৰ লগতে প্রদীপ প্রজ্বলনেবে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। লগতে উস্তাদ বিছমিল্লহ খান যুর বঁটা বিজয়ী শিল্পী জলিমণি শইকিয়াৰ নেতৃত্বে প্রদর্শন হয় মনোমুগ্ধ কৰি তোলে সত্রীয়া ভর্তাল নৃত্য।
সন্ধিয়াৰ আকর্ষণ আছিল বঁটা প্রদান অনুষ্ঠান, য’ত ৩৭ গৰাকী ব্যতিক্রমী ব্যক্তি আৰু প্রতিষ্ঠানক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে “মির্চি এক্সেলেন্স এবার্ড ২০২৫” হিচাপে সম্মানিত কৰা হয়। লগতে জীবনজোৰা সাধনা বঁটাৰে সম্মানিত কৰা হয় প্রখ্যাত সমাজকর্মী তথা চলচ্চিত্র নির্মাতা শঙ্কবলাল গোরেংকাক। “মির্চি এক্সেলেন্স অ্যাওয়ার্ড ২০২৫” বঁটাপ্রাপকসকলৰ ভিতৰত আছে শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান’ৰ বাবে নেবিম গ্রুপ অব ইনষ্টিটিউচন’ৰ সঞ্চালিকা অধ্যাপিকা ড° সংগীতা ত্রিপাঠী, গুৱাহাটীৰ উপ সাধাৰণ প্রবন্ধক (SIDBI) প্রদীপ কুমাৰ নাথ, ৰাজ্যিক সমন্বয়ক (অসম আৰু এ পি ৰাজ্যিক কার্যালয়) WWF-ব আর্চিতা ভট্টাচার্য, অ্যাডভোকেট সোহেলি শিল সৰকাৰ, সাভয় গ্রুপৰ প্রতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক তুষাব চামাবিয়া, অ্যাডভোকেট সীমা শর্মা, Cosmo Hospitals-ব ড. হৃষিকেশ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক দেবজিৎ ভূঞা, স্টোননেজ কনস্ট্রাকচন প্রাইভেট লিমিটেড-ৰ মাধুর্য প্রতীপ ভাবদ্বাজ, জয়ন্ত গোশ্বামী, আভা ক্রিয়েচনৰ ছ’চিয়েল ই ইমপেক্ট ফাউণ্ডেচন-ৰ চি এম ডি অনু মণ্ডল, মালু গ্ৰুপৰ প্রতিষ্ঠাপক জেঠমল মালু, অভিনেত্রী ঋতিশা খাউন্ড, অভিনেতা তথা পৰিচালক শশাংক সামীৰ, ফিটনেছ ও উদ্যোগী সুচন্দ্রা বায়, শৈশর শিক্ষা ড. জুবিশ্রী কলিতা, সাহিত্য ও সমাজসেবক মেহেজবিন হোছেইন, অভিনেতা সিদ্ধার্থ শর্মা, অনলি শেফ’ব প্রতিষ্ঠাপক অমিতাভ দত্ত, বুটিক ফেশন এন্ড লাইফস্টাইল এজেন্সীব প্রতিষ্ঠাপক আজান আকাশ বৰুৱা, কেৰিয়াৰ গাইডেন্স ড. ববি গোস্বামী বৰুৱা, প্রখ্যাত সঙ্গীতশিল্পী মানস ববিন, ইউটিউবাৰ ডিম্পু বৰুৱা, ভূগৰাজ জেৰেমি ক্রিয়েচনছ’ৰ ড. ডেইজী রাণী দাস, বৰুৱা কনস্ট্রাকচন এন্ড এবি মিডিয়া প্রডাকচনৰ প্রতিষ্ঠাপক তথা সৃষ্টিশীল পৰিচালক অভিজিৎ বৰুৱা, সংগীতশিল্পী ঋতৃষা শর্মা, পেশাদাবী আর্ম বেছলাৰ প্রাঞ্জিত শইকীয়া, পিউৰ স্পিৰিটৰ এমডি আশীষ কুমাৰ দেব, মুস্কান এৰ’স্পেচ প্রাইভেট লিমিটেডৰ মুৰব্বী অপাৰেটিং অফিচাৰ প্রাণেশ দেবনাথ, ফেশ্বন ডিজাইনার জেবিনা লম্বৰ,
এমএন কমিউনিকেচন, সাহিত্যিক, কবি আৰু সংগীত শিল্পী মৈত্রী পেটৰব, নেৰিম গ্রুপ অর ইনস্টিটিউচনছ, প্রখ্যাত সংগীতশিল্পী মর্মিতা মিত্র, ফেশ্বন ডিজাইনাৰ প্রিয়াংকা বৰা তালুকদাৰ, ফিনিক্স বিয়েলটি এণ্ড মার্কেটিং ছলিউচনছ প্রাইভেট লিমিটেড, বেডিছন ব্লু হোটেল গুৱাহাটী আৰু সংগীত শিল্পী শতাব্দী খাটোনিয়াৰ, যাৰ বৈচিত্রময় অবদান উত্তৰ-পূব ভাৰতৰ মনোভাবক অনুপ্রাণিত আৰু উন্নীত কৰি ৰাখিছে।
“মির্চি এক্সেলেন্স অবার্ড ২০২৫” কেবল এক বঁটা অনুষ্ঠান নহয়-ই হৈছে উত্তৰ-পূর্বাঞ্চলৰ আশা, সাহস আৰু সাফল্যর উদযাপন। যি যাত্রা ২০১৬ চনত ৰেডিঅ’ মির্চি গুৱাহাটীৰ সংগীত আৰু মনোৰঞ্জনৰ জৰিয়তে আৰম্ভ হৈছিল, আজি সেই যাত্রাই এই বঁটা অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ গৌৰৱগাঁথা বিশ্বমুখী কৰি তুলিছে। গোটা যাত্রাটোত আন্তৰিকতাৰে সহযোগিতা আগ বড়াইছে ব্যতিক্রম গ্রুপ। অনুষ্ঠানত সহযোগিতা প্রদান কৰে satilis Legal LLP, Radisson Blu, Prag News The Sentinel।
