বাথৰুমত হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটিলো এক কিশোৰ। উত্তৰ প্ৰদেশৰ সদৰ কোতৱালী থানাৰ অন্তৰ্গত অটল পাৰ্কৰ নিবাসী ব্যৱসায়ী ৰাহুল বার্মাৰ ১৩ বছৰীয়া পুত্ৰ সাৰ্থক বার্মাই দেওবাৰৰ পুৱা গা ধুই থকা অৱস্থাত মৃত্যু ঘটে। পৰিয়ালৰ লোকৰ মতে, কিশোৰজনৰ পূৰ্বে কোনো অসুস্থতা নাছিল।
তথ্য অনুসৰি, সাৰ্থক বাথৰুমলৈ যোৱাৰ ১০ মিনিট পাছত, পৰিয়ালৰ লোক সকলে তেওঁক সঁহাৰি নিদিতে দেখি, দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। তেওঁলোক সাৰ্থকক অচেতন অৱস্থাত পায় আৰু তৎক্ষণাত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়, কিন্তু চিকিৎসকে কিশোৰজনক মৃত ঘোষণা কৰে।
পৰিয়ালৰ মতে, বাথৰুমত গিজাৰ আছিল যদিও সেয়া বন্ধ আছিল সেই সময়ত, যাৰ বাবে গেছৰ ফলত হৃদক্ৰিয়া বন্ধ হোৱাৰ সম্ভাৱনা নাছিল। জ্যেষ্ঠ চিকিৎসক ডাঃ পংকজ গাৰ্গে কৈছে যে এনে আকস্মিক মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ হওয়া অথবা অন্যান্য স্বাস্থ্যগত সমস্যা হ’ব পাৰে। শিশুসকলে বুকুত বিষ বা উশাহ চুটি হোৱাৰ দৰে লক্ষণসমূহ প্ৰায়েই অৱজ্ঞা কৰে, যিয়ে ভয়ংকৰ ৰূপ লয়। উল্লেখযোগ্য যে, মৰণোত্তৰ পৰীক্ষা নকৰাকৈ শোকসন্তপ্ত পৰিয়ালে কিশোৰজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।
