ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ মাজতে, বাক্সা জিলাৰ বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্রাধান শিক্ষক সাধন বৰ্মনৰ আত্মহত্যা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ মৃতদেহ বিদ্যালয়ত উদ্ধাৰ হৈছিল আৰু মৃত্যুৰ পূৰ্বে শিক্ষকজনে দুলু মেধি নামৰ এক সুদখোৰৰ বিৰুদ্ধে অভিযোগ আগবঢ়াই নিজকে হতাশাৱস্থাত ৰাখিছিল। শিক্ষকজনে দুলু মেধিৰ পৰা ১ লাখ টকা সুতত লৈছিল, যাৰ পৰা ৪০ হাজাৰ টকা ঘূৰাই দিছিল। কিন্তু, মেধিয়ে শিক্ষকৰ বিৰুদ্ধে ৫ লাখ ৩০ হাজাৰ টকাৰ দাবী কৰি আদালতত গোচৰ দাখিল কৰিছিল, আৰু মঙলবাৰে আৰক্ষীয়ে জামিনবিহীন গ্ৰেপ্তাৰিৰ পৰোৱানা জাৰি কৰিবলৈ যোৱাৰ পাছত শিক্ষকজনে আত্মহত্যাৰ সিদ্ধান্ত লৈছিল।
শিক্ষকঅৰ পুত্ৰ আৰু আত্মীয়সকলৰ মতে, দুলু মেধিয়ে বহুদিন ধৰি মানসিক নিপীড়ন চলাইছিল। এই ঘটনাই সুদখোৰৰ দৌৰাত্ম্য আৰু সমাজৰ প্ৰতি প্ৰভাৱক পুনৰ উথাৰিলে। বিভিন্ন সংগঠনে চৰকাৰক তদন্ত আৰু দোষী ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
