অম্বুবাচীৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচাৰুৰূপে চলাচল সুনিশ্চিত কৰাৰ বাবে গুৱাহাটী মহানগৰ উপ-আয়ুক্তই (যাতায়ত) বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অহা ২২ জুনৰ পৰা ২৫ জুনলৈকে মানি চলিব লাগিব ।অনুজ্ঞা পত্ৰ নথকা কোনো যান-বাহন(ফেৰী) কামাখ্যা মন্দিৰ অভিমুখে চলাচল কৰিব নোৱাৰিব। একেদৰে সন্ধিয়া ৫ বজাৰ পৰা ১০ বজাৰ ভিতৰত মন্দিৰলৈ ফেৰী গাড়ী চলাচল নিষিদ্ধ কৰা হৈছে।এ এছ টি চি আৰু চিটি বাছকে ধৰি সকলো বাহনে জালুকবাৰী আৰু মাচখোৱাৰ মাজৰ নীলাচল ফ্লাই অভাৰ ব্যৱহাৰ কৰিব লাগিব । চাৰ্ভিচ লেনত বাছ চলাচল নিষিদ্ধ কৰা হৈছে ।পাণ্ডু বন্দৰ পথ (আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু বন্দৰলৈ),বৰবজাৰ পথ (মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু বন্দৰলৈ),ভৰলুমুখত লিফ্ট কৰিডৰ, ডি জি ৰোড (শান্তিপুৰৰ পৰা নীলাচল উৰণীয়া সেতুলৈ),নীলাচল ফ্লাইঅভাৰ আৰু কাষৰ কোনো পথত বাহন পাৰ্কিং কৰিব নোৱাৰিব ।তীৰ্থযাত্ৰীৰ বাবেও বিশেষ ড্ৰপ-অফ পইণ্টৰ ব্যৱস্থা কৰা হৈছে । জালুকবাৰী দিশৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে ড্ৰপ-অফ পইণ্ট হ’ব – এন এফ ৰেলৱে মুখ্য কাৰ্যালয়ৰ গেট নং ৩ আৰু ভৰলুমুখ দিশৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে ড্ৰপ-অফ পইণ্ট হ’ব বাবে – গেট নং ৪ ।
