পুনৰ বগা পোচাকত গুৱাহাটীৰ যান-বাহন আৰক্ষী । ১৬ আগষ্ট অৰ্থাৎ আজিৰে পৰা বগা পোচাক পৰিধান কৰিছে যান-বাহন আৰক্ষীয়ে । এতিয়া আৰু আপুনি গুৱাহাটীৰ ৰাজপথত আকাশী নীলা পোছাকত দেখা নাপাব যান-বাহন আৰক্ষীক । ২০১৭ চনত যান-বাহন আৰক্ষীক বগা পোচাক সলনি কৰি আকাশী নীলা পোচাক দিয়া হৈছিল । কিন্তু সাধাৰণ ৰাইজৰ পৰামৰ্শ আৰু বিভিন্ন কাৰণ পৰ্যালোচনা কৰাৰ অন্তত যান-বাহন আৰক্ষীৰ বাবে বগা পোচাকেই উপযুক্ত বুলি বিবেচনা কৰা হয় । গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ এই সিদ্ধান্তৰ পিছতে শনিবাৰে পুৱাই মহানগৰীৰৰ ভিন্ন প্ৰান্তত যান-বাহন আৰক্ষীক নতুন পোচাকত কৰ্তব্যত নিয়োগ হোৱা দেখা গ’ল ।বগা পোচাকযোৰৰ প্ৰতি আবেগ আছে । পুৰণি পোচাকযোৰ ঘূৰাই পাই উৎফুল্লিত গুৱাহাটীৰ যান-বাহন আৰক্ষী ।
