গুৰুগ্ৰামত টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীৰ টাটা.ইভ ষ্ট’ৰৰ শুভাৰম্ভণি

818

১ লাখৰো অধিক গ্ৰাহক সমৰ্থিত টাটা ইভিয়ে গ্ৰাহকসকলক এক অনন্য অভিজ্ঞতা প্ৰদানৰ প্ৰয়াস কৰিছে। পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল, বাহন চালনাৰ খৰচৰ প্ৰতি সদা সচেতন আৰু সদায়ে উন্নত প্ৰযুক্তিৰ অন্বেষণ কৰে। এই ব্ৰেণ্ডটোৰ প্ৰধান মূল্যবোধসমূহৰ ভিতৰত আছে বহনক্ষমতা, সম্প্ৰদায় আৰু প্ৰযুক্তি। গ্ৰাহকসকলৰ যাত্ৰাৰ মেপিং কৰি টাটাৰ ধ্বাজাবাহী শ্ব’ৰুমসমূহে এই দৰ্শনক মূৰ্ত কৰি তুলিছে। টাটাৰ লক্ষ্য হৈছে সমাৱেশ, কৰ্মশালা আৰু অনুষ্ঠানৰ বাবে এক সুসংগত সামূহিক স্থান সৃষ্টি কৰি গ্ৰাহকক শক্তিশালী কৰি তোলা। এই শ্ব’ৰুমসমূহে কেৱল খুচুৰা ইভিৰ বাবেই নহয়, গুৰুগ্ৰামত টাটা.ইভি কমিউনিটী চেণ্টাৰ হিচাপে কাম কৰে।

এই শ্ব’ৰুমটো পুনৰ্ব্যৱহাৰ যোগ্য সামগ্ৰীৰ ব্যৱহাৰ আৰু দীৰ্ঘ-দূৰত্ব, উচ্চ-নিৰ্গমন পৰিবহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু বহনক্ষমতাৰ বাবে বিশেষভাৱে উৎসৰ্গিত। শ্ব’ৰুমটোৱে এক সামূহিক কেন্দ্ৰ(কমিউনিটি হাব) হিচাপেও কাম কৰে, দৰ্শনাৰ্থীসকলক টাটা ইভি ক্ৰয়, কফি আৰু বিভিন্ন ইভেণ্টৰ ভাগ-বতৰা কৰা মুহূৰ্ততৰ সৈতে জড়িত হ’বলৈ আমন্ত্ৰণ জনায়। স্থানীয় উৎসৰ পৰা আহৰণ কৰা সামগ্ৰী আৰু দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত গুৰুত্ব দিয়া হৈছে। এই ষ্ট’ৰখনৰ ডিজাইনত গ্ৰাহক সমৰ্থনৰ বাবে বিশেষ প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে, প্ৰশংসাপত্ৰ(টেষ্টিমনিয়েল) স্ক্ৰীণ, অনুকূলন বিকল্প(কাষ্টমাইজ অপচন) আৰু ইভি লাভ কৰা ফেমিলীৰ বাবে ব্যক্তিগতকৃত আদৰণিৰ সুবিধাও আছে।

এই বিষয়ে টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীৰ এম ডি শৈলেশ চন্দ্ৰই কয় যে “আজিৰে পৰা এই দুটা শ্ব’ৰুম শুভাৰম্ভণিৰ লগে লগে আগন্তুক ১২-১৮ মাহত আৰু নতুন নতুন বহুতো পৰিকল্পনা কৰিছোঁ আৰু বিভিন্ন শ্ব’ৰুমৰ জৰিয়তে আমি ইতিবাচক পৰিৱৰ্তন আনিবলৈ মনস্থ কৰিছো, যাতে অটোমোটিভ উদ্যোগত ই-মবিলিটিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব পৰা যায়।”