টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতত আগবঢ়াইছে অল-নিউ ভেলফায়াৰ

502

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) বহু প্ৰত্যাশিত অল-নিউ ভেলফায়াৰ মুকলি কৰিছে। অল-নিউ ভেলফায়াৰ হৈছে এক বিলাসী ছেল্ফ-চাৰ্জিং শক্তিশালী হাইব্ৰিড বৈদ্যুতিক মাষ্টাৰপিছ, যিয়ে ভাৰতীয় অটোমোটিভ লেণ্ডস্কেপত সুন্দৰতা, আৰাম আৰু প্ৰদৰ্শনৰ সাৰমৰ্মক পুনৰ সংজ্ঞায়িত কৰিছে। ব্যতিক্ৰমী আৰাম, পৰিশোধিত গতিশীলতা আৰু গতিশীল দক্ষতা প্ৰদান কৰে অল-নিউ ভেলফায়াৰে। লগতে স্বজ্ঞাত প্ৰযুক্তি আৰু চিন্তাশীল সুবিধাৰ সৈতে ড্ৰাইভিং অভিজ্ঞতাক উন্নীত কৰি প্ৰতিটো যাত্ৰাতে সুবিধা আৰু সমৃদ্ধি প্ৰদৰ্শন কৰে।

অল-নিউ ভেলফায়াৰ হৈছে ভাৰতৰ এক বিলাসী টয়োটা মডেল। যিয়ে দুটা গ্ৰেডত আড়ম্বৰ আৰু সুন্দৰভাৱে পৰিশোধন আগবঢ়ায়: ‘হাই গ্ৰেড’ আৰু ‘ভিআইপি গ্ৰেড – এক্সিকিউটিভ লাউঞ্জ’। ই বিশালতা, ২য় শাৰীত মাছাজ ছীট আৰু সহজ নেভিগেচনৰ বাবে ব্যৱহাৰকাৰী-অনুকূল ইণ্টাৰফেচ প্ৰদান কৰে। ইয়াৰ লগতে আৰাম আৰু বিলাসীতাৰ বাবে চিলিং ষ্ট’ৰেজ আৰু ইণ্টেৰিঅ’ৰ লাইটিঙেৰে পোহৰৰ ব্যৱস্থা আছে। এই বিষয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া মাছাকাজু য়োশিমুৰাই কয় যে, “আমি ব্যাপক বৈদ্যুতিকৰণ আৰু বহনক্ষম গতিশীলতা প্ৰদানৰ প্ৰচেষ্টাত অটল হৈ আছোঁ, কিয়নো আমি সকলোৰে বাবে এক বেটাৰ টুমৰু(উন্নত কাইলৈ) সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছোঁ।”

অল-নিউ ভেলফায়াৰ হৈছে ভাৰতৰ এক এক্সিকিউটিভ লাউঞ্জ। ইয়াত এক্সট্ৰা-লাৰ্জ অট্টোমেন আসন, ডিটেচেবল স্মাৰ্টফোনৰ দৰে পাৱাৰ নিয়ন্ত্ৰণ আৰু এক মাল্টি-ফাংচন টেবুল প্ৰদান কৰা হয়। ইয়াত প্ৰথমবাৰৰ বাবে চালিত পুল-ডাউন চাইড ছান ব্লাইণ্ড, ৰিম’ট ইঞ্জিন ষ্টাৰ্ট, এয়াৰ কণ্ডিচনাৰ, ছানৰুফ নিয়ন্ত্ৰণ আৰু এপৰ জৰিয়তে পাৱাৰ উইণ্ড’ৰ সুবিধা প্ৰদান কৰা হৈছে। ভিআইপি গ্ৰেড – এক্সিকিউটিভ লাউঞ্জ আৰু হাই গ্ৰেড গ্ৰেডছত উপলব্ধ, মূল্য ১২,৯৯০,০০০ টকাৰ পৰা আৰম্ভ হৈছে(এক্স-শ্ব’ৰুম)।