দশম শ্ৰেণীত উত্তীৰ্ণৰ পিছতে শিক্ষা জীৱন আধৰুৱা হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) দশম শ্ৰেণী সমাপ্ত কৰাৰ পিছত কাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষা অব্যাহত ৰাখিব নোৱাৰা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ “স্কলাৰশ্বিপ প্ৰগ্ৰেম ফৰ টেকনিকেল এডুকেচন এণ্ড ৰিকগনিচন” (ষ্টাৰ) পদক্ষেপ হাতত লৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে উত্তৰ, পূব ভাৰত আৰু উঃ-পূৰ্বাঞ্চলৰ কেতিয়াও ঢুকি নোপোৱা সম্ভাৱনাক প্ৰসাৰ কৰা। এই পদক্ষেপৰ অধীনত ১১খন ৰাজ্যৰ কম উপাৰ্জনৰ পৰিয়ালৰ শিশুসকলক সহায় কৰিব।
টিকেএমৰ ষ্টাৰ প্ৰকল্পই ক্ৰমবৰ্ধমান অটোমোটিভ ছেক্টৰৰ বাবে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ ব্যক্তিসকলৰ সামৰ্থ্য আৰু অধিক উন্নত কৰিব বিচাৰে। কম আয় বা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক বছৰি ৫১ হাজাৰ টকা পৰ্যন্ত বৃত্তি প্ৰদান কৰা হ’ব যাতে হোষ্টেলৰ খৰচ, শিক্ষাৰ খৰচ আৰু পৰিয়ালৰ সমৰ্থন আদায় কৰিব পাৰে। এই বৃত্তি নিৰ্দিষ্ট প্ৰতিষ্ঠানত উপলব্ধ আৰু বিশেষভাৱে মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০% সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ বাছনি প্ৰক্ৰিয়াৰ অংশ। টি-টিইপিৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ষ্টাৰ প্ৰগ্ৰামৰ ছাত্ৰ-ছাত্ৰীসকলে টয়োটা ডিলাৰশ্বিপত ৬ৰ পৰা ১২ মাহৰ ইণ্টাৰ্নশ্বিপৰ সুবিধাও লাভ কৰে।
এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ দক্ষতা বিকাশ তথা পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টয়োটা কিৰ্লোস্কাৰ মটৰৰ চি ই অ’ বিক্ৰম গুলাতি। টি কে এমৰ দেশৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাতিয়ে কয় যে, “টি-টিইপি পদক্ষেপৰ অধীনত ষ্টাৰ কাৰ্যসূচীৰ জৰিয়তে আমি যোগ্য শিক্ষাৰ্থীসকলক সবলীকৰণ কৰাৰ লক্ষ্য ৰাখিছোঁ।”
