টয়োটা কিৰ্লোস্কাৰ মটৰে আগবঢ়াইছে ‘অসাধাৰণ নতুন গাড়ীৰ ডেলিভাৰী সমাধান’

339

টয়োটা কিৰ্লোস্কাৰ মটৰ প্ৰাইভেট লিমিটেডে (টিকেএম) যুগান্তকাৰী “অসাধাৰণ নতুন গাড়ীৰ ডেলিভাৰী সমাধান” মুকলি কৰিছে। গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি টিকেএমৰ অটল প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই অভিনৱ পদক্ষেপে নতুন বাহন ক্ৰয়ৰ যাত্ৰাক পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।”অসাধাৰণ নতুন গাড়ীৰ ডেলিভাৰী সমাধান”ৰ অধীনত ডিলাৰ ষ্টকয়াৰ্ড(গুদাম)ৰ পৰা গ্ৰাহক ডেলিভাৰী পইণ্টলৈ নতুন বাহনৰ সুৰক্ষিত আৰু বাধাহীন পৰিবহন নিশ্চিত কৰি স্বয়ংচালিত উদ্যোগত এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ সূচনা কৰিছে। ডেলিভাৰী স্থানলৈ নতুন বাহন চালনাৰ সৈতে জড়িত পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে টিকেএমে ফ্লেটবেড ট্ৰাকৰ ব্যৱহাৰ আৰম্ভ কৰিছে, যাৰ দ্বাৰা বাহনবোৰক পথ পৰিবহনৰ অধীন নকৰাকৈও পৰম্পৰাগত বিতৰণৰ নিশ্চয়তা দিয়া হয়, যিকোনো স্থানতে আনকি দূৰৱৰ্তী গ্ৰাম্য অঞ্চলবোৰতো যাতে লজিষ্টিক প্ৰত্যাহ্বান নোহোৱা কৰি সমাধান প্ৰদান কৰিব পাৰি।

টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত বাহন ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ ছবৰি মনোহৰে এই উদ্যোগৰ গ্ৰাহক-কেন্দ্ৰিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “গ্ৰাহকসকল সদায়ে আমাৰ অগ্ৰাধিকাৰ, গ্ৰাহক-কেন্দ্ৰিকতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি সদায়ে সৰ্বাধিক। আমি নিৰন্তৰভাৱে উদ্ভাৱন আৰু সৰ্বোত্তম সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ, যাতে প্ৰকৃতাৰ্থত এক অসাধাৰণ মালিকীস্বত্বৰ অভিজ্ঞতাৰ বাবে গ্ৰাহকৰ অন্তিম যাত্ৰা সমৃদ্ধ আৰু আৰামদায়ক কৰি তুলিব পাৰোঁ।”প্ৰথম পৰ্যায়ত মুকলি কৰা প্ৰয়াসৰ অধীনত ২৬খন ৰাজ্যত বিস্তৃত ১৩০টা ডিলাৰশ্বিপৰ মাজেদি গ্ৰাহকসকলে এই গ্ৰাউণ্ডব্ৰেকিং সেৱাৰ জৰিয়তে লাভান্বিত হ’ব।

লক্ষণীয়ভাৱে এই পদক্ষেপে গ্ৰাহকসকলৰ বাবে কোনো অতিৰিক্ত ব্যয় অবিহনে লাভ কৰিব, যিয়ে দেশজুৰি মানসম্পন্ন আৰু বিশ্বাসযোগ্য গাড়ী ক্ৰয়ৰ অভিজ্ঞতাৰ বাবে এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিছে।পৰিবহণ বা যাতায়াতৰ সময়ত সৰ্বোচ্চ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিবলৈ টিকেএমে অভিজ্ঞ লজিষ্টিক কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব কৰিছে আৰু লগতে ট্ৰেনজিট বীমা প্ৰদান কৰিছে, যাৰ ফলত ট্ৰেনজিটত থকা বাহনসমূহৰ সুৰক্ষা আৰু অধিক শক্তিশালী কৰি তোলা হৈছে।