গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে সোণাই এলেকাৰ ধনেহৰিৰ শিলচৰ – সোণাই পথত অভিযান চলাই এখন অটোৰিক্সাৰ পৰা বুজণ পৰিমাণৰ য়াবা টেবলেট আৰু হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। অটোৰিক্সাখনৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট আৰু হেৰ’ইন ভৰ্তি ১৪টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা ২৬০ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ ভাষ্য অনুসৰি জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব।উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন হৈছে- ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্যামচৰকুটি গাঁৱৰ আমিনুৰ ইছলাম আহমেদ আৰু কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুটাবগৰা গাঁৱৰ মহম্মদ আলী তালুকদাৰ । বৰ্তমান ধৃত লোক দুজনক সোণাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।