ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ-টিআৰএআইয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ডিচেম্বৰ ২০২১ ৰ পৰা মে ২০২২-ৰ ভিতৰত ছয় মাহৰ ম্যাদৰ বাবে অসমৰ ৪জি প্ৰদানকাৰীৰ মাজত প্ৰতি ছেকেণ্ডত সৰ্বাধিক গড় ডাটা ডাউনলোড গতি ১৫.৫ মেগাবিট প্ৰদান কৰাত ভি শীৰ্ষ স্থানত আছে।
ভিয়ে একে সময়ৰ বাবে অসমত প্ৰতি ছেকেণ্ডত সৰ্বাধিক ১৭.০ মেগাবিট আপলোড গতি ৰেকৰ্ড কৰিছিল। ডাউনলোড গতিয়ে গ্ৰাহকসকলক ইণ্টাৰনেটৰ পৰা সমল প্ৰাপ্ত কৰাত সহায় কৰে, আনহাতে আপলোড গতিয়ে তেওঁলোকক ডাটা প্ৰেৰণ কৰাত বা তেওঁলোকৰ সম্পৰ্কৰ সৈতে ছবি বা ভিডিঅ’ ভাগ বতৰা কৰাত সহায় কৰে।
গড় গতি টিআৰএআইৰ দ্বাৰা ইয়াৰ মাইস্পীড এপ্লিকেচনৰ সহায়ত বাস্তৱ-সময়ৰ আধাৰত সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়।