শনিবাৰে (২৮ অক্টোবৰ) পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িকা শ্ৰীৰূপা মিত্ৰ চৌধুৰীয়ে মালদা জিলাত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ আত্মীয়ই তেওঁৰ এছ ইউ ভি গাড়ীত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইংলিছ বজাৰৰ বিধায়িকাগৰাকীয়ে কয় যে শুকুৰবাৰে নিশা মিল্কি আৰক্ষী চকীৰ সমীপত সংঘটিত হোৱা এই আক্ৰমণত চাৰিচকীয়া বাহনখনৰ পিছফালৰ গ্লাছ ভাঙি যায় যদিও তেওঁৰ জীৱন ৰক্ষা পৰে।
আক্রমণকাৰী বুলি অভিযোগ উত্থাপন কৰা চাৰিজনৰ ভিতৰত দুজনক বিধায়কগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে ধৰি আৰক্ষীৰ জিম্মাত লয়৷ তৃণমূল কংগ্ৰেছে এই ঘটনাত কোনো ভূমিকা অস্বীকাৰ কৰিছে।
সংবাদ সংস্থা পিটিআইৰ মতে, শিলিগুৰিত বিধায়িকা শ্ৰীৰূপা মিত্ৰ চৌধুৰীয়ে কয়, ‘মণিক চ’কত দলীয় কৰ্মীক লগ কৰি উভতি অহাৰ সময়ত নিশা প্ৰায় ১০.৪৫ বজাত সংঘটিত হয় এই ঘটনা। পিছফালৰ পৰা এটা ডাঙৰ শব্দ শুনি দেখিলো গাড়ীৰ পিছফালৰ গ্লাছখন ভাঙি গৈছে। ভাগ্য ভাল যে মই আঘাতপ্ৰাপ্ত হোৱা নাছিলো।’ চৌধুৰীয়ে কয় যে তেওঁৰ ব্যক্তিগত নিৰাপত্তা বিষয়াই তেওঁক কয় যে চাৰিজন লোকে মটৰ চাইকেল চলাই থকা অৱস্থাত গাড়ীখনত খুন্দা মাৰে।
সংবাদ সংস্থা এএনআইৰ সৈতে কথা পাতি থকাৰ সময়তে বিজেপিৰ বিধায়কে এই সন্দৰ্ভত কয়। তেওঁ ক’লে, “…ভগৱানৰ কৃপাত আমি ৰক্ষা পৰিলোঁ, যিহেতু সেই কাঁচৰ টুকুৰাটোৰ বহুখিনি মোৰ পিছফালে থকা উপহাৰৰ পেকেটবোৰত পৰিল।” আমাৰ শৰীৰটো কেনেবাকৈ বাচিল…”
আৰক্ষীয়ে জনোৱা মতে, দুজন লোকক আটক কৰি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত বিধায়কগৰাকীৰ হৈ আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছে।